Bihu dance controversy: অসমীয়া জাতিক নিঃশেষৰ পৰিকল্পনা: বিহু সুৰক্ষা সমিতি

By

Published : Aug 2, 2022, 9:19 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ভাৰতলৈ মালদ্বীপৰ ৰাষ্ট্ৰপতি অহাৰ সময়ত অসমৰ বিহু নৃত্যক মঞ্চত প্ৰদৰ্শন কৰি বিকৃত কৰাক লৈ সৰৱ দল সংগঠন আৰু সচেতন মহল (Bihu dance controversy)। ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । ৰাজ্যৰ  সচেতন মহলে এনে কাৰ্যক একেই মুখে গৰিহণা দিছে (Reaction on Bihu dance controversy)। বিহু বিকৃতকৰণক লৈ চৰাইদেউৰ সোণাৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিহু সুৰক্ষা সমিতি অসমৰ প্ৰধান সম্পাদক পৱিত্ৰ মহন ফুকনে কয়, বিহুক বিকৃত কৰি অসমীয়া জাতিক অপমান কৰা হৈছে (Insulting bihu dance)। বিহুক বিকৃতকৰণৰ জৰিয়তে অসমীয়া জাতিক নিঃশেষ কৰাৰ পৰিকল্পনা কৰা হৈছে । লগতে সম্পাদক গৰাকীয়ে বিহু সুৰক্ষিত কৰাৰ স্বাৰ্থত চৰকাৰীভাৱে চেন্সৰ ব'ৰ্ড গঠনৰ পোষকতা কৰে । এই চেন্সৰ ব'ৰ্ড গঠনৰ প্ৰতিক্ৰিয়াত চৰকাৰক বিশেষভাৱে উদ্যোগ ল'বলৈ আহ্বান জনাই বিহু সুৰক্ষা সমিতি অসমৰ প্ৰধান সম্পাদক পৱিত্ৰ মহন ফুকনে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.