ETV Bharat / city

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 27, 2022, 9:10 AM IST

TOP 10 AT 9AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

নলবাৰীৰ শুশ্ৰূষা হস্পিতালত এগৰাকী অধ্যাপিকাৰ মৃত্যুক কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতি

নলবাৰীত ব্যক্তিগত চিকিৎসালয়ৰ দৌৰাত্ম ৷ চিকিৎসকৰ ভুলৰ বাবে এগৰাকী অধ্যাপিকাৰ আকষ্মিক বিয়োগৰ অভিযোগ ৷ স্বামীৰ অভিযোগ মতে ডাঃ জয়ন্ত দাসৰ ভুল চিকিৎসাৰ বাবেই মৃত্যু হৈছে পত্নী ৰুমী কাকতিৰ ৷ এই লৈ নিশা উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি হয় নলবাৰীৰ শুশ্ৰূষা হস্পিতালত ৷

বিশ্বনাথত বিদ্যুৎস্পৃষ্ট হৈ মাতৃ কন্যাৰ শোকাৱহ মৃত্যু

বিশ্বনাথত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আকোৱালি ল’লে মাতৃ-কন্যাই (Mother and daughter died of electric shock) ৷ বি পি এল গ্ৰাহকক বিনামূলীয়া বিদ্যুতৰ নামত নিম্ন মানদণ্ডৰ তাঁৰ যোগান ধৰাৰ বাবেই বিদ্যুৎপৃষ্ট হৈ এইদৰে মাতৃ আৰু কন্যাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

চৰকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজপথত এবিভিপি

ৰাষ্ট্ৰীয় শিক্ষা নীতি বাহাল ৰাখি তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজীত শিক্ষাদানৰ অসম চৰকাৰে গ্ৰহণ কৰা অবৈজ্ঞানিক সিদ্ধান্ত বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে বিজেপি সমৰ্থিত ছাত্ৰ সংগঠন ABVP য়ে(Science and Math in English medium in Assam)। শুক্ৰবাৰে ছাত্ৰ সংগঠনটোৱে নগাঁৱত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক’লে একালৰ সতীৰ্থ ৰকিবুলে

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক'লে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে(Rakibul Hussain comments on Himanta Biswa Sarma ) । পিছে কিয় ? এসময়ত আধ্যাত্মিকতাৰ কেন্দ্ৰ বুলি কোৱা মাদ্ৰাছাক এতিয়া জেহাদীৰ ঘাটি বুলি কোৱাক লৈও মুখ্যমন্ত্ৰীক সমালোচনা একালৰ সতীৰ্থ ৰকিবুলৰ ৷

দোকানত বহি ঘোচ খাই থকা অৱস্থাতে গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়াক

চাহ-মিঠাইৰ দোকানত চাহ-মিঠাইৰ পৰিৱৰ্তে ঘোচ খাই বহি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হ’ল ধুবুৰীৰ সৰ্বশিক্ষা বিষয়া আজহাৰুল ইছলাম । কাৰ্যালয়ত ঘোচখোৱা নিষিদ্ধ বাবেই বাহিৰৰ দোকানত ঘোচ লৈ আহিছিল আজহাৰুলে ৷ অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিষয়াগৰাকী(Dhubri Sarva Siksha Abhijan DPO arrested) ৷

মাজুলীত ঘৰৰ পৰাই শিশু অপহৰণৰ চেষ্টা

মাজুলীৰ ১ নং বৰনলনীবাসীৰ মাজত দেখা গৈছে এক আতংকময় পৰিৱেশ (Child kidnapping Case) ৷ এটি শিশুক অপহৰণৰ চেষ্টা চলোৱা অভিযোগ তুলিছে শিশুটিৰ আইতাকৰ লগতে স্থানীয় একাংশ লোকে ৷

গোৱালপাৰাত গ্ৰেপ্তাৰ মুফটি হাফিজুৰ ৰহমান

জেহাদীৰ ঘাটিত পৰিণত হৈছে গোৱালপাৰা(Jihadi Arrested in Goalpara) । শুকুৰবাৰে পুনৰ গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এটা জেহাদী ।

যোৰাবাট আৰক্ষীৰ জালত পেট্ৰ’লৰ চোৰাং সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে পেট্ৰ’লৰ চোৰাং বেহা ৷ এইবাৰ আৰক্ষীৰ জালত পৰিল পেট্ৰ'লৰ চোৰাং সৰবৰাহকাৰী (Jorabat police arrest petrol smugglers) ৷ যোৰাবাট আৰক্ষীয়ে ১৪ মাইলত জব্দ কৰিলে অবৈধ ভাৱে পেট্ৰ'ল সৰবৰাহ কৰা এখন বাহন (Police seized vehicle loaded petrol) ৷

ডিমাছা ভৱন নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ

নতুন দিল্লীত ডিমাছা ভৱন নিৰ্মাণ(Construction of Dimasa Bhawan in New Delhi)ৰ নিবিদা আহ্বানতে লাগিছে নেকি কেৰোণ । ডিমাছা ভৱন নিৰ্মাণৰ নিবিদা আহ্বানক লৈ ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কংগ্ৰেছৰ(Congress alleges corruption) । ডিমা হাছাও জিলা কংগ্ৰেছে উত্থাপন কৰিছে এই অভিযোগ ।

ব্ৰিজৰ আঁৰৰ কথা Exclusive

ৰজতকমল বঁটাকে ধৰি মুঠ ১৯ টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অসমীয়া ছবি ব্ৰিজে অহা 30 ছেপ্তেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব (Upcoming Assamese movie Bridge)৷ ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ব্ৰিজক দৰ্শকে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে পৰিচালক কৃপাল কলিতাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.