ETV Bharat / city

হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক’লে একালৰ সতীৰ্থ ৰকিবুলে

author img

By

Published : Aug 26, 2022, 8:12 PM IST

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক'লে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে(Rakibul Hussain comments on Himanta Biswa Sarma ) । পিছে কিয় ? এসময়ত আধ্যাত্মিকতাৰ কেন্দ্ৰ বুলি কোৱা মাদ্ৰাছাক এতিয়া জেহাদীৰ ঘাটি বুলি কোৱাক লৈও মুখ্যমন্ত্ৰীক সমালোচনা একালৰ সতীৰ্থ ৰকিবুলৰ ৷

Rockybul hussain press meet
হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক’লে একালৰ সতীৰ্থ ৰকিবুলে

নগাঁও, 26 আগষ্ট: "6 ঘণ্টা পলমকৈ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে যদি ভাৰতবৰ্ষৰ প্ৰখ্যাত অৰ্থনীতিবিদ ড৹ মনমোহন সিঙক এক্সিডেণ্টেল পিএম বুলি কোৱা হয়(Ex PM Manmohan Singh) তেন্তে 6 দিন পলমকৈ মুখ্যমন্ত্ৰী হোৱাজনক আপুনি কি ক'ব ? তেওঁৰ নাম মই দিছো আকস্মিক মুখ্যমন্ত্ৰী"- একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লৈ শুকুৰবাৰে এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন

গুলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ৰকিবুল হুছেইনে কটু সমালোচনা কৰে মুখ্যমন্ত্ৰীক । ৰকিবুলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীৰ হেনো ৰূপ অনেক । এটা সময়ত বদৰপুৰত মাদ্ৰাছাক আধ্যাত্মিকতাৰ কেন্দ্ৰ বুলি কৈছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma Comment on Jihadi) । এতিয়া তেওঁ আকৌ মাদ্ৰাছাক জেহাদীৰ ঘাটি বুলি কয় ।

ৰকিবুল হুছেইনে লগতে কয় যে মুখ্যমন্ত্ৰী তেল মৰাত এক্সপাৰ্ট । সেয়ে ছোনিয়া গান্ধী ৰাজনীতিলৈ অহাৰ পূৰ্বেই তেওঁৰ ফটো জালুকবাৰীত লগাইছিল । ইপিনে গুলাম নবী আজাদৰ দলত্যাগ(Ghulam Nabi Azad resigns from Congress) কংগ্ৰেছৰ বাবে ক্ষতি বুলি মন্তব্য কৰি ৰকিবুল হুছেইনে কয়, দলটোক এনে এটা সময়ত তেওঁ এৰি যাব বুলি মই ভবা নাছিলো । এয়া আমাৰ বাবে অপ্ৰত্যাশিত ।

লগতে পঢ়ক: এবিভিপিয়ে হিমন্তবিশ্ব শৰ্মাক ভোট নিদিবলৈও আহ্বান জনাব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.