ETV Bharat / state

দোকানত বহি ঘোচ খাই থকা অৱস্থাতে গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়াক

author img

By

Published : Aug 26, 2022, 9:59 PM IST

চাহ-মিঠাইৰ দোকানত চাহ-মিঠাইৰ পৰিৱৰ্তে ঘোচ খাই বহি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হ’ল ধুবুৰীৰ সৰ্বশিক্ষা বিষয়া আজহাৰুল ইছলাম । কাৰ্যালয়ত ঘোচখোৱা নিষিদ্ধ বাবেই বাহিৰৰ দোকানত ঘোচ লৈ আহিছিল আজহাৰুলে ৷ অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল বিষয়াগৰাকী(Dhubri Sarva Siksha Abhijan DPO arrested) ৷

Dhubri Sarva Siksha Abhijan DPO arrested
দোকানত ঘোচ খাই খাই বহি থকা অৱস্থাতে গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়াক

ধুবুৰী, 26 আগষ্ট: দুৰ্নীতি নিবাৰক শাখাৰ জালত সৰ্বশিক্ষা বিষয়া ৷ ধুবুৰীৰ এখন চাহ-মিঠাইৰ দোকানৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ হয় এগৰাকী সৰ্বশিক্ষা বিষয়া আজহাৰুল ইছলাম । ধুবুৰী সৰ্বশিক্ষা মিছন অভিযানৰ জিলা কাৰ্যালয়ৰ এখন চাহৰ দোকানত চাহ-মিঠাই খোৱাৰ পৰিৱৰ্তে ঘোচ খাই বহি থকা চৰকাৰী বিষয়াগৰাকীক আজি হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাকৰ শাখাই (Anti Corruption mission in Dhubri)।

দোকানত ঘোচ খাই খাই বহি থকা অৱস্থাতে গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়াক

অভিযোগ অনুসৰি কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ দৰমহা মোকোলাই দিয়াৰ বাবদ ২৫ হাজাৰ টকা ঘোচ বিচাৰিছিল ধুবুৰী সৰ্বশিক্ষা মিছন অভিযানৰ প্ৰকল্প বিষয়া আজহাৰুল ইছলামে (Dhubri Sarva Siksha Abhijan DPO arrested) । ইয়াৰে ২০ হাজাৰ টকা উৎকোচ আজি আদায় দিয়াৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দল এটাই উক্ত চাহ-মিঠাইৰ দোকানৰ পৰাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক ।

উল্লেখ্য যে, কাৰ্যালয়ত উৎকোচ লোৱা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে । সেয়েহে কাৰ্যালয়ৰ পৰা ওলাই গৈ চাহ-মিঠাইৰ দোকানত বহি উৎকোচৰ বজাৰ বহুৱাইছে সৰ্বশিক্ষাৰ জিলা প্ৰকল্প বিষয়াগৰাকীয়ে । শুকুৰবাৰে বিয়লিৰ ভাগত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি গুৱাহাটী লৈ যায় দুৰ্নীতি নিবাৰক শাখাই ।

ইপিনে ঘোচখোৰ বিষয়া আজহাৰুল ইছলামৰ কাৰ্যালয়ৰ টেবুলত প্ৰায় শতাধিক ফাইল জমা হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । টকা নহ’লে আজহাৰুল ইছলামৰ টেবুলৰ কোনো ফাইল লৰচৰ নহয় নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে বিভিন্ন মহলত । উল্লেখ্য যে, কেইদিনমান পূৰ্বে দুৰ্নীতি নিবাৰক শাখাই ধুবুৰীৰ এখন বিদ্যালয়ৰ পৰা উৎকোচসহ গ্ৰেপ্তাৰ কৰিছিল আন এজন কৰ্মচাৰীক (Govt Official Caught Red Handed in Dhubri)।

লগতে পঢ়ক: কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.