ETV Bharat / state

কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক গ্ৰেপ্তাৰ

author img

By

Published : Aug 26, 2022, 5:54 PM IST

দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জন গোস্বামী ৷ উৎকোচ লৈ থকাৰ অৱস্থাতে গ্ৰেপ্তাৰ লাট মণ্ডলগৰাকীক (Lat Mandal arrested in Karimganj)৷

Lat Mandal arrested in Karimganj
কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 26 আগষ্ট: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ(Assam CM Anti Corruption Branch) জালত পৰিছে ইজনৰ পাছত সিজন ঘোচখোৰ চৰকাৰী কৰ্মচাৰী । এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ(Karimganj Circle Office) লাট মণ্ডল ৰঞ্জন গোস্বামী ৷ শুকুৰবাৰে হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয় কৰ্মচাৰীগৰাকীক (Lat Mandal arrested in Karimganj) ৷

Lat Mandal arrested in Karimganj
কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক গ্ৰেপ্তাৰ

উল্লেখ্য যে ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আসনত অধিস্থিত হোৱাৰ পাছতেই মাটিৰ দালালৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল ৷ ফলত একেটা নিশাৰ ভিতৰতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা কেইবা শতাধিক মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছিল (Land brokers arrested in Assam) ৷ মুখ্যমন্ত্ৰীৰ এই কঠোৰ স্থিতিৰ পাছতে কিছু পৰিমাণে হ্ৰাস পাইছিল মাটিৰ দালালৰ সংখ্যা ৷ কিন্তু শুকুৰবাৰে লাট মণ্ডল ৰঞ্জন গোস্বামীক গ্ৰেপ্তাৰৰ পাছতে পুনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধনৰ লেনদেন অব্যাহত থকাৰ কথা প্ৰমাণ কৰিছে ৷

তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়াকৈ কেইবাজনো চৰকাৰী কৰ্মচাৰীক দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে ৷ বৃহস্পতি বাবেও ১২ হাজাৰ টকাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰে ধেমাজিৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী গোবিন বৰদলৈ (Dhemaji DTO employee arrested for taking bribe)৷

লগতে পঢ়ক: ধেমাজিত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পৰিবহণ বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.