ETV Bharat / entertainment

ব্ৰিজৰ আঁৰৰ কথা Exclusive

author img

By

Published : Aug 26, 2022, 8:04 PM IST

ৰজতকমল বঁটাকে ধৰি মুঠ ১৯ টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা অসমীয়া ছবি ব্ৰিজে অহা 30 ছেপ্তেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব (Upcoming Assamese movie Bridge)৷ ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ব্ৰিজক দৰ্শকে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে পৰিচালক কৃপাল কলিতাই ৷

Interview with Assamese film director Kripal Kalita
Interview with Assamese film director Kripal Kalita

গুৱাহাটী, 26 আগষ্ট: অহা 30 ছেপ্তেম্বৰত ছবিগৃহলৈ আহিব বহু প্ৰতীক্ষিত অসমীয়া চিনেমা ব্ৰিজ (Upcoming Assamese movie Bridge) । ইতিমধ্যে ব্ৰিজ চিনেমাখনে দেশৰ-বিদেশৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক সমালোচকৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে (Assamese movie Bridge)৷ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ছবিখনে (Award wining Assamese movie)।

চলচ্চিত্ৰ পৰিচালক কৃপাল কলিতাৰ সৈতে অসমীয়া ছবি ব্ৰিজৰ আঁৰৰ কথা

কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাত তথা ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজনাত নিৰ্মিত ব্ৰিজ চিনেমাখন ইতিমধ্যে ৪৬ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে (Award achieved by Bridge movie) । ছবিখনৰ পৰিচালক কৃপাল কলিতাই অসমবাসী ৰাইজক ছবিগৃহলৈ আহি ছবিখন চাবলৈ আহ্বান জনাইছে ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে, এজনী গাভৰুৰ জীৱন সংগ্ৰাম ছবিখনত দেখুওৱা হৈছে (Film director Kripal Kalita) ৷ য’ত অসমৰ মূল সমস্যা বানপানীৰ সমস্যাও দেখুওৱা হৈছে । ছবিখনে ইতিমধ্যে ৰজতকমল বঁটাকে ধৰি মুঠ ১৯ টাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (Kripal Kalita new Movie)।

লগতে পঢ়ক: Friends of Elephant: মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ "হাতী বন্ধু"

ভাৰতৰ পৰা অস্কাৰৰ প্ৰথম দৌৰত 'ব্ৰিজ' অৱতীৰ্ণ হৈছিল (Assamese movie to Oscar)। ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে সোণাই চাপৰি, গোলাঘাট, জোনাই আৰু গুৱাহাটীত । ছবিখনৰ নিৰ্মাণ ১৪ মাহত সম্পূৰ্ণ হৈ উঠিছে । অসমৰ প্ৰতিটো ছবিগৃহতে ব্ৰিজৰ শুভমুক্তি দিয়াৰ পৰিকল্পনা কৰিছে কৃপাল কলিতাই (Bridge release date) ।

ব্ৰিজৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে শিৱাৰাণী কলিতাই ৷ আনহাতে, অনিন্দিতা দাস, গোপমণি গগৈ, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, সুৰেন মহন্ত, ৰীণা বৰা, ৰোহিনী কুমাৰ ডেকা, দ্বীপেন চুতীয়া, ধনজিৎ শৰ্মা, শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস ,ৰাজু ভড়ালী আদি শিল্পীয়ে কেইটামান গুৰুত্বপূৰ্ণ ভূমিকাত ব্ৰীজত অভিনয় কৰিছে (Interview with film director Kripal Kalita)।

লগতে পঢ়ক: ৰবিজিতা গগৈ-কৃপাল কলিতালৈ বিদ্যুৎ চক্ৰৱৰ্তী-শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা

ব্ৰিজৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপ পৰিচালক কৃপাল কলিতাৰ । ৰমেন ৰাভাই চিত্ৰগ্ৰহণ কৰা ব্ৰীজৰ সম্পাদনা কৰিছে কিশোৰ ডেকাই ৷ ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিনী কুমাৰ ডেকা আৰু কলা নিৰ্দেশনা দ্বীপেন চুতীয়াৰ । অসমৰ অভিনয় জগতৰ প্ৰখ্যাত অভিনেতা সুৰেণ মহন্তৰ এইখনেই আছিল অন্তিম ছবি ৷ ব্ৰিজক দৰ্শকে আঁকোৱালি ল’ব বুলি আশাবাদী পৰিচালক কৃপাল কলিতা ৷ পৰিচালকজনৰ আন এখন ছবি ‘হাতীবন্ধু’ৱেও যথেষ্ট সমাদৰ লাভ কৰিছে ৷

লগতে পঢ়ক: অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.