ETV Bharat / state

Friends of Elephant: মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতাৰ "হাতী বন্ধু"

author img

By

Published : May 8, 2022, 8:59 PM IST

Updated : Aug 11, 2022, 9:59 AM IST

ইখনৰ পাছত সিখনকৈ অসমীয়া ছবিৰ সাফল্য । 'ব্ৰীজ'ৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সাফল্যৰ পাছত এইবাৰ কৃপাল কলিতাৰ 'হাতী বন্ধু' ১৭ সংখ্যক মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (17th Mumbai International Film Festival) আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত । পৰিচালক কৃপাল কলিতাই ইতিমধ্যে মহোৎসৱত যোগদানৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ।

kripal kalita hathi bandhu to mumbai international film festival
মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কৃপাল কলিতা ৰ "হাতী বন্ধু"

গুৱাহাটী,৮ মে': ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰলায়ৰ অধীনস্থ ফ্লীম ডীভিজনে আয়োজন কৰা ১৭ সংখ্যক মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (17th Mumbai International Film Festival) ৰ আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখালৈ নিৰ্বাচিত হৈছে কৃপাল কলিতা পৰিচালিত তথ্যচিত্ৰ "হাতী বন্ধু" । ২৯ মে’ৰ সন্ধিয়া ৫ বজাত মুম্বাইৰ ৱাৰ্লিৰ নেহৰু চেন্টাৰত মহোৎসৱ খনৰ শুভ আৰম্ভণি হ'ব আৰু ৪ জুনত অন্ত পৰিব । পৰিচালক কৃপাল কলিতাই মহোৎসৱত যোগদানৰ বাবে ইতিমধ্যে আমন্ত্ৰণ লাভ কৰিছে ।

'হাতী বন্ধু' তথ্য চিত্ৰ খনৰ মূল বিষয় হ'ল হাতী মানুহৰ সংঘাত বৰ্তমান সময়ৰ এক বিশ্বজনীন সমস্যা । এই সংঘাতৰ ফলত হয় মানুহৰ নহয় হাতীৰ প্ৰাণ হানি এক নিয়মীয়া ঘটনাত পৰিগণিত হৈছে । এনে এক জীয়া সমস্যাৰ পোনপ্ৰথমবাৰৰ বাবে অসমত বিশিষ্ট সমাজহিতৈষী প্ৰদীপ কুমাৰ ভূঞাৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত হাতী মানুহৰ সংঘাতৰ সমাধান সূত্ৰ উলিয়াই বিশেষ ভাৱে সফল হোৱা দেখা গৈছে ।

এই বিষয়ৰ ভেটিত তিনিবছৰীয়া প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ তথ্য চিত্ৰ "হাতী বন্ধু"। অসমীয়া আৰু ইংৰাজী দুটা ভাষাত নিৰ্মিত হাতী বন্ধু ৰ ইংৰাজী ত নাম ৰখা হৈছে Friends of Elephant.

"ব্ৰীজ" চিনেমা খনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্টীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতাই হাতী বন্ধুৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে । কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰ খনৰ প্ৰযোজনা কৰিছে সবিতা দেবীয়ে ।

'হাতী বন্ধু'ৰ ইংৰাজী ধাৰা বিৱৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই আৰু নয়ন প্ৰসাদে অসমীয়াত ধাৰাৰ বিৱৰণী দিছে । চিত্ৰগ্ৰহণ কৰিছে বিনোদ দুলু বৰা আৰু ৰমেন ৰাভাই । মুম্বাইৰ কেনেৰিজ প'ষ্ট ছাউণ্ড ষ্টুডিঅ'ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে ।

সম্পাদনা কৃপাল কলিতা, ডি আই কালাৰিষ্ট ৰাজেশ য়াদৱ (মুম্বাই) সংগীত কৃপাল কলিতা আৰু ৰাজীৱ আনন্দৰ । ছবিখনৰ শব্দ গ্ৰহণ কৰিছে গুণজিৎ শৰ্মাই । এনিমেছনত ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ আৰু চাবটাইটেল শ্ৰুতি ভট্টাচাৰ্যৰ । ছবিখনকলৈ যথেষ্ট আশাবাদী পৰিচালক তথা প্ৰযোজক ।

লগতে পঢ়ক: ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ মহিলাৰ

Last Updated : Aug 11, 2022, 9:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.