কৰ্মৰ সন্ধানত যোৱা গৌৰীসাগৰৰ যুৱক বহিঃৰাজ্যত সন্ধানহীন

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:32 PM IST

thumbnail

আমগুৰি, ২০ ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ গৌৰীসাগৰত কৰ্মৰ সন্ধানত যোৱা এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । গৌৰীসাগৰৰ যুৱকজন তামিলনাডুত সন্ধানহীন হৈছে । গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীঘূলিৰ যুৱক অনন্ত বড়া যোৱা ১৩ ফেব্ৰুৱাৰীত তামিলনাডুলৈ ৰে'লেৰে ৰাওনা হোৱাৰ পিচত বৰ্তমানলৈ পৰিয়ালৰ সৈতে যুৱকজনৰ কোনো যোগাযোগ নাই ।

পৰিয়ালৰ লোকে এই সন্দৰ্ভত কয় যে ২২ বছৰীয়া যুৱক অনন্ত বড়া সমীপৰ এজন ব্যক্তিৰ লগত কৰ্মৰ সন্ধানত গৈছিল । তামিলনাডুত তেওঁক কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভনেৰে মাতি নিছিল । দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ শুংসূত্ৰ লাভ নকৰাত চিন্তিত হৈছে পিতৃ-মাতৃ । ইতিমধ্যে গৌৰীসাগৰ থানাত এই সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:ডিৰাক সোণজান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.