কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ পথ দুৰ্ঘটনা, আহত তিনিজন

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:36 PM IST

thumbnail

কলিয়াবৰ, 29 ফেব্ৰুৱাৰী : পথ দুৰ্ঘটনাৰ 'হটস্পট'লৈ ৰূপান্তৰিত হোৱা কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় পথত বৃহস্পতিবাৰে সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত মহিলাসহ আহত হয় তিনিজনকৈ লোক ৷  

জানিব পৰা মতে কুঠৰীত এখন তীব্ৰ বেগী চুইফ্‌ট বাহনে মহতিয়াই নিয়ে এখন মটৰচাইকেলক ৷ ইয়াৰ লগে লগে এগৰাকী পথাচাৰী মহিলাকো মহতিয়াই নিয়ে বাহনখনে ৷ তাৰ পিচ তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে ৷ যোৰহাটৰ পৰা জখলাবন্ধা অভিমুখী আছিল এ এছ 05 এন 2193  নম্বৰৰ চুইফট বাহনখন ৷ চুইফ্‌ট বাহনখনে এখন যাত্ৰীবাহী বাছক অতিক্ৰম কৰি আগুৱাই যাওঁতেই সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ বাহনখনৰ আৰোহীও কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ৷ আহতসকলক স্থানীয় লোকৰ সহযোগত বাগৰি আৰক্ষীয়ে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

আনহাতে জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত হোৱা আন এটা পথ দুৰ্ঘটনাত চাৰিচকীয়া বাহনৰ খুন্দাত আহত হয় এজন চাইকেল আৰোহী ৷ 37 নং ৰাষ্ট্ৰীয় পথ পাৰ হোৱাৰ সময়তে চাইকেল আৰোহীজনক খুন্দা মাৰে বাহনখনে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰোহীজন ৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ এ এছ 01 বি ডব্লিউ 8464 ৷ ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ চাইকেল আৰোহীজনক চিকিৎসাৰ বাবে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাচতে কলিয়াবৰৰ ৰাজপথত সঘনাই হোৱা দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় সচেতন ৰাইজে পৰিবহন বিভাগৰ লগতে কলিয়াবৰ প্ৰশাসনক দাবী জনাইছে ৷
 

লগতে পঢ়ক : জোনাইৰ দলুঙত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.