নলবাৰীৰ চৰাঞ্চলত বিদ্যালয় স্থানান্তৰকৰণে শিক্ষাৰ্থীক কৰিছে পাঠদানৰ পৰা বঞ্চিত

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:18 PM IST

thumbnail

নলবাৰী, ১৫ ফেব্ৰুৱাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থানান্তৰ প্ৰক্ৰিয়াত খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে । বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ মন্টুৰ চুপা প্ৰাথমিক বিদ্যালয়খন স্থানান্তৰ কৰাৰ ফলত ৩ নং বৰবৰা চৰৰ শিক্ষাৰ্থীসকল পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ।

উল্লেখযোগ্য যে মন্টুৰ চুপা প্ৰাথমিক বিদ্যালয়খন পূৰ্বতে আছিল কুৰিহামাৰী চৰত । গৰাখহনীয়াৰ বাবে যোৱা বছৰত বিভাগীয় নিয়ম অনুসৰি স্থানান্তৰ কৰিছিল ৩ নং বৰবালা চৰলৈ । ৩ নং বৰবালা চৰত প্ৰায় ষাঠিগৰাকী শিক্ষাৰ্থীৰ নামভৰ্তি কৰি পাঠদান চলাইছিল ৷

পৰৱৰ্তী সময়ত বিদ্যালয়খন পুনৰ স্থানান্তৰ কৰে ৫ নং বৰবালা চৰলৈ । যাৰ ফলত এতিয়া ৩ নং বৰবৰা চৰৰ শিক্ষাৰ্থীসকল পাঠদানৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । উল্লেখ্য যে চলিত বৰ্ষৰ গুণোৎসৱত পৰ্যবেক্ষক আৰু বিদ্যালয়খনৰ শিক্ষকসকলে ৫ নং বৰবৰাত গুণোৎসৱ অনুষ্ঠিত কৰিব নোৱাৰি ৩ নং বৰবালাত অনুষ্ঠিত কৰিছিল গুণোৎসৱ ।

প্ৰাপ্ত তথ্যমতে ৫ নং বৰবালাত আছে মাত্ৰ ১৫ গৰাকী শিক্ষাৰ্থী । সেয়েহে বিদ্যালয়খন ৬০ গৰাকী শিক্ষাৰ্থী থকা ৩ নং বৰবালা চৰত সংস্থাপিত কৰিবলৈ চৰকাৰ, শিক্ষা বিভাগক আহ্বান জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক: নলবাৰীত গাড়ীৰ শ্ব' ৰূমত প্ৰচণ্ড মাৰপিট, নগদ ধন লুটি নিয়াৰো অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.