নলবাৰীত গাড়ীৰ শ্ব' ৰূমত প্ৰচণ্ড মাৰপিট, নগদ ধন লুটি নিয়াৰো অভিযোগ

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 10:01 PM IST

thumbnail

নলবাৰী, ১৪ ফেব্ৰুৱাৰী : নলবাৰীৰ হাজোপথৰ এলেংগীদলত ভয়ংকৰ মাৰপিটৰ ঘটনা । এলেংগীদলস্থিত নেক্সা গাড়ীৰ শ্ব' ৰূমৰ ভিতৰত প্ৰৱেশ কৰি কৰ্মচাৰীক প্ৰহাৰ কৰে একাংশ উদণ্ড লোকে । লোককেইজনে প্ৰৱেশ কৰি কৰ্মচাৰীক মাৰধৰ কৰাৰ লগতে নগদ তিনি লাখ টকা লুট কৰি নিয়াৰ অভিযোগ কৰে আহত কৰ্মচাৰীয়ে । আহত কৰ্মচাৰীৰ অভিযোগ মতে নলবাৰীৰ এলেংগীদলত এক পথ দুৰ্ঘটনাত পতিত হোৱা যুৱকক গাড়ীৰ শ্ব' ৰূমটোৰ এজন কৰ্মচাৰীয়ে ঘটনাস্থলীৰ পৰা যাবলৈ দিয়া বাবে চোঁচা লোৱা বুলি জনায় ।

পিচত উদণ্ড যুৱকৰ দলটোৱে শ্ব' ৰূমটোত প্ৰৱেশ কৰি আক্ৰমণ কৰে অন্যান্য কৰ্মচাৰীসকলকো । সম্প্ৰতি উদণ্ড যুৱকদ্বয়ৰ প্ৰহাৰত আহত হৈছে Nexa শ্ব’ ৰূমটোৰ কেবাজনো কৰ্মচাৰী । আহতকেইজন ক্ৰমে দীপক বৈশ্য, অমৰজ্যোতি বেজবৰুৱা, হেমেন কুমাৰ ।

উল্লেখ্য যে এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্থাপিত হয় মাৰপিটৰ ঘটনাটো ৷ আক্ৰমণকাৰী যদিও চিনাক্ত হোৱা নাই, ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । ইতিমধ্যে সমগ্ৰ মাৰপিটৰ ঘটনা বন্দী হৈছে শ্ব' ৰূমটোৰ চিচিটিভি কেমেৰাত ।

লগতে পঢ়ক: বাগদেৱীৰ বন্দনাৰে মুখৰিত নলবাৰীৰ শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.