বাগদেৱীৰ বন্দনাৰে মুখৰিত নলবাৰীৰ শিক্ষানুষ্ঠান

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 4:36 PM IST

thumbnail

নলবাৰী, ১৪ ফেব্ৰুৱাৰী: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । এই বিশেষ দিনটোত বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য । ৰাজ্য়ৰ আন ঠাইৰ লগতে নলবাৰীতো বিভিন্ন শিক্ষানুষ্ঠানত বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰে ৷ জিলাখনৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহতো অনুষ্ঠিত কৰা হয় সৰস্বতী পূজা । বাগদেৱীৰ চৰণত সেৱা ল'বলৈ বিদ্যালয়ৰ লগতে মহাবিদ্যালয় সমূহত শিক্ষাৰ্থীৰ সমাগম হয়  ৷  

বুধবাৰে পুৱাৰে পৰা জিলাখনৰ শিক্ষানুষ্ঠানসমূহত ভিৰ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰে সকলো শিক্ষানুষ্ঠানৰ চৌহদ । ছাত্ৰ-ছাত্ৰীয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইৰ আশিস ল'বলৈ শিক্ষানুষ্ঠানসমূহলৈ অহা পৰিলক্ষিত হয় । নলবাৰীৰ প্ৰতিখন বিদ্যালয়- মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেখা যায় এক উখল-মাখল পৰিৱেশ ৷

লগতে পঢ়ক:সৰস্বতী বন্দনাৰে মুখৰিত হোজাই জিলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.