পৰীক্ষাৰ আগদিনা ছুইচাইড নোট লিখি আত্মহনন ছাত্ৰৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 5:32 PM IST

thumbnail

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ মাজতে গুৱাহাটীত অঘটন । মহানগৰীৰ বেলতলাৰ চন্দন নগৰত সংঘটিত হৈছে ছাত্ৰৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা । বেলতলা চন্দন নগৰৰ এটা ফ্লেটত পুৱাই উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ ।

দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা AISSE ত দেশৰ ভিতৰতে পঞ্চম স্থান পাইছিল মৃত ছাত্ৰগৰাকীয়ে ৷ বৃহস্পতিবাৰে উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰত ১০২ ত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ ৷ এজন কেয়াৰ টেকাৰৰ সৈতে ফ্লেটত অকলে বাস কৰিছিল ছাত্ৰজনে ৷ পুৱা শুই উঠি ছাত্ৰজনৰ কোঠাৰ দৰ্জা বন্ধ অৱস্থাত দেখা পাইছিল কেয়াৰ টেকাৰগৰাকীয়ে ৷ তাৰ পিচতে এনক্লেভটোৰ নিৰাপত্তাৰক্ষীয়ে দুৱাৰ ভাঙি ছাত্ৰজনক চিপ লৈ অৱস্থাত প্ৰত্যক্ষ কৰে ৷ 

ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ লৈ যায় । উল্লেখ যে মৃত ছাত্ৰজনৰ কোঠাৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ হৈছে ৷

লগতে পঢ়ক: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা, ১৩ জন আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.