মাজুলীত ব'হাগী উৎসৱত শিল্পী বিপিন চাওদাঙৰ সংগীতৰ মায়াজাল - RONGALI BIHU 2024

By ETV Bharat Assamese Team

Published : May 6, 2024, 2:00 PM IST

thumbnail
শিল্পী বিপিন চাওদাঙৰ সংগীত পৰিবেশন (ETV BHARAT ASSAM)

মাজুলী, ৬ মে’ : মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ব’হাগী উৎসৱ-২০২৪ ৷ ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সৃষ্টি এক সমন্বয় যাত্ৰা, মাজুলীৰ উদ্যোগত আয়োজন কৰা হয় এই ব’হাগী উৎসৱ । দেওবাৰে এই বিহু অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কন্ঠশিল্পী  বিপিন চাউদাং ৷

বিপিন চাউদাঙৰ ন-পুৰণি গীতৰ মূৰ্ছনাত জীপাল হ'ল মাজুলীৰ বিহুৰ মঞ্চ । শিল্পীগৰাকীয়ে নিজৰ গীত পৰিৱেশন কৰাৰ লগতে কেইবাটাও পুৰণি গীত গাই মোহিত কৰিলে মাজুলীয়ালক ৷

ইফালে চিলাপথাৰত একাংশ লোকে গামোচা জ্বলাই দিয়া ঘটনাৰ প্ৰতিবাদ কৰি এই মঞ্চৰ পৰাই অসমীয়াৰ স্বাভিমান গামোচাখনক লৈ সৰৱ হোৱা দেখা গ’ল শিল্পীগৰাকীক । শিল্পীগৰাকীয়ে অসমীয়া আপোন গামোচাখনক অনাদৰ নকৰিবলৈ আহ্বান জনালে অসমবাসীক । আনহাতে, জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বোকা নৃত্যৰ চৰ্চা চলি থকাৰ মাজুলীৰ যুৱকে এইবাৰ জাতীয় সাজপাৰ পিন্ধি বিহু উপভোগ কৰা দেখা গ’ল ।

লগতে পঢ়ক:জুবিন গাৰ্গৰ গীতৰ মায়াজালত মোহাছন্ন হাজাৰ হাজাৰ অনুৰাগী - Zubeen Garg Bihu Program

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.