ETV Bharat / entertainment

জুবিন গাৰ্গৰ গীতৰ মায়াজালত মোহাছন্ন হাজাৰ হাজাৰ অনুৰাগী - Zubeen Garg Bihu Program

Zubeen garg bihu program : পুৱতি নিশালৈকে জুবিনময় হ'ল তৈল নগৰী দুলীয়াজান । হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ গীতেৰে মায়াময় পৰিৱেশত মতলীয়া হ'ল হাজাৰ হাজাৰ অনুৰাগী । দুলীয়াজানৰ বিহুতলীত আছুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱত পুৱতি নিশালৈকে জনপ্ৰিয় গীতেৰে নচুৱালে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ।

Assamese singer and music composer Zubeen Garg craze in Duliajan Bihu program
জুবিন গাৰ্গৰ গীতৰ মায়াজালত মোহাছন্ন হাজাৰ হাজাৰ অনুৰাগীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 5, 2024 at 11:43 AM IST

2 Min Read
Choose ETV Bharat
জুবিন গাৰ্গৰ গীতৰ মায়াজালত মোহাছন্ন হাজাৰ হাজাৰ অনুৰাগীক (ETV Bharat Assam)

দুলীয়াজান,৫ মে': সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত ২, ৩ আৰু ৪ মে' তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় ৰঙালী উৎসৱ । বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত এই কেন্দ্ৰীয় ৰঙালী উৎসৱৰ সামৰণিৰ দিনটোত পুৱতি নিশালৈকে এটাৰ পাচত আন এটা জনপ্ৰিয় গীতৰে দুলীয়াজানবাসীক মুগ্ধ কৰিলে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ।

পুৱতি‌ নিশালৈকে জুবিনময় হ'ল তৈল নগৰী দুলীয়াজান । হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ গীতেৰে মায়াময় পৰিৱেশত মতলীয়া হ'ল হাজাৰ হাজাৰ অনুৰাগী । কোনো ধৰণৰ বিতৰ্কিত কথা নোকোৱাকৈ পুৱতি নিশালৈকে জনপ্ৰিয় গীতেৰে নচুৱালে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে । প্ৰায়ে বিৰ্তকৰ মাজত থকা জুবিন গাৰ্গক দুলীয়াজান আছুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱত ব্যতিক্ৰমী ৰূপত দেখা গ'ল । অনুৰাগীসকলক বিমুখ নকৰি উপহাৰ দিলে জনপ্ৰিয় গীত । হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত শান্তিপূৰ্ণভাৱে সামৰণি পৰিল জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান ।

উল্লেখ্য যে, তিনিদিনীয়া কৈ অনুষ্ঠিত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনৰ পাচতে বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিল । আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অভিনেতা অৰুণ হাজৰিকা, নয়ন নীলিম আৰু উদীয়মান জনপ্ৰিয় অভিনেত্ৰী বৈভবী গোস্বামীৰ লগতে যুৰীয়া হাতী আগত লৈ উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কেইবাটাও জাতি-জনগোষ্ঠীয় সাংস্কৃতিক দলে ।

বিহু, সোণোৱাল কছাৰী নৃত্য, বাগৰুম্বা, মিচিং, আদি সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে দুলীয়াজানৰ ৰাজপথত বাহিৰ কৰা হৈছিল বিশাল সাংস্কৃতিক শোভাযাত্ৰা । দ্বিতীয় দিনাৰ কাৰ্যসূচীত সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা, জেং বিহু আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে সমাৰণি দিনটোত অনুষ্ঠিত মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ আৰু হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে ।

লগতে পঢ়ক: