ETV Bharat / entertainment

জুবিনৰ মায়াবী কন্ঠত মতলীয়া ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ অনুৰাগী - Zubeen garg bihu program

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 12:50 PM IST

Zubeen Garg in Dibrugarh : জুবিন গাৰ্গৰ মায়াবী কন্ঠত মতলীয়া হ’ল ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ অনুৰাগী ৷ দুটা দিনে ডিব্ৰুগড়ৰ ৰাইজক সুৰৰ মায়াজাল বন্দী কৰিলে জুবিন গাৰ্গে ৷ বিৰ্তক পৰা দুটা দিনে আঁতৰি থাকিল জুবিন ৷

জুবিনৰ মায়াবী কন্ঠত মতলীয়া ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ অনুৰাগী

ডিব্ৰুগড়, ২৭ এপ্ৰিল : বিগত দুটা দিনে ডিব্ৰুগড়ৰ ৰাইজক সুৰৰ মায়াজালত বন্দী কৰিলে জুবিন গাৰ্গে । বিৰ্তকই লগ নেৰা হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক দুটা দিনত ডিব্ৰুগড়ত দেখা গ'ল এক ব্যতিক্ৰমী ৰূপত । শান্ত আৰু নম্ৰ মায়াবী কন্ঠৰ অধিকাৰী জুবিন গাৰ্গক পুনৰ বিচাৰি পাইছে অনুৰাগীসকলে ।

শুকুৰবাৰে ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ ২০২৪ যোৱা ২১ এপ্ৰিলৰ পৰা জালান নগৰ স্কুল খেলপথাৰত পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷ এই কাৰ্যসূচীৰ শেষৰ দিনটোত অংশগ্ৰহণ কৰা জুবিন গাৰ্গক পুৱতি নিশালৈকে অনন্য ৰূপত দেখা গ’ল ।

এটাৰ পাচত আন এটা জনপ্ৰিয় গীত উপহাৰ দিলে ৰাইজক । ইয়াৰ পাচতেই চৌকিডিংগি খেলপথাৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিন গাৰ্গৰ গীতত পুৱতি নিশালৈকে নাচিলে হাজাৰ হাজাৰ ৰাইজে । সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত চৌকিডিংগি খেলপথাৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা "কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন" তৃতীয় দিনা অন্য ৰূপত দেখা গ'ল জুবিন গাৰ্গক ।

বহু বিৰ্তকৰ পাচত যেন শান্ত হৈ পৰিছে জুবিন গাৰ্গ । স্বভাৱ সূলভভাৱে কোনো বিশেষ কথাৰ পাতনি নেমেলাকৈ অনুষ্ঠান আৰম্ভ কৰি বহু কেইটা জনপ্ৰিয় গীত গাই হাজাৰ হাজাৰ ৰাইজক পুৱতি নিশা লৈকে নচুৱালে জুবিন গাৰ্গে ।

উল্লেখ্য যে, এই ব’হাগ বিহুত মাজুলীৰ বিহু‌ অনুষ্ঠানত জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক প্ৰভূ ঈশ্বৰ সম্বোধনৰ বিৰোধিতা কৰিছিল৷ ইয়াৰ পাচতে বিতর্কত সোমাই পৰিছিল জুবিন গাৰ্গ । সত্ৰাধিকাৰসকলৰ লগতে আন বিভিন্নজনে সমালোচনা কৰিছিল জুবিন গাৰ্গক ।

সত্ৰাধিকাৰসকলক লৈ কৰা মন্তব্যৰ পাচতে ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ ইয়াৰ পাচতে কিন্তু ডিব্ৰুগড়ত দুটা দিনত অনন্য ৰূপত দেখা গ'ল জুবিন গাৰ্গক ।

লগতে পঢ়ক : এইবাৰ বিতৰ্ক এৰি গীতৰ মায়াজালেৰে দৰ্শকক মোহাচ্ছন্ন কৰিলে জুবিন গাৰ্গে - Zubeen garg bihu program

জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ আহ্বান সত্ৰ মহাসভাৰ - Zubeen Garg Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.