ETV Bharat / entertainment

এইবাৰ বিতৰ্ক এৰি গীতৰ মায়াজালেৰে দৰ্শকক মোহাচ্ছন্ন কৰিলে জুবিন গাৰ্গে - Zubeen garg bihu program

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 12:54 PM IST

Zubeen garg bihu program : বিতৰ্কিত কথাৰে নহয়, এইবাৰ গীতৰ তালে তালে ৰাইজক মন্ত্ৰমুগ্ধ কৰিলে জুবিন গাৰ্গে ৷ নিৰ্বাচনী জ্বৰৰ মাজতে পুৱতি নিশালৈকে ডিব্ৰুগড়বাসীক নিজৰ সংগীতৰ তালত নচুৱালে জুবিন গাৰ্গে ৷

Zubeen garg bihu program
এইবাৰ বিতৰ্ক নহয়, জুবিন গাৰ্গৰ গীতৰ তালে তালে মোহিত হ’ল দৰ্শক

মৰাণ, 26 এপ্ৰিল : শেহতীয়াকৈ জুবিন গাৰ্গ মানেই যেন বিৰ্তকৰ এক নাম । অসমবাসীৰ হাৰ্টথ্ৰ’বগৰাকীয়ে বিভিন্ন মঞ্চত বিভিন্ন কথাৰে বিৰ্তক সৃষ্টি কৰি শিৰোনাম দখল কৰাৰ সমান্তৰালকৈ তেওঁৰ অনুষ্ঠানত অনুৰাগীৰ উদ্ভণ্ডালিৰ বাবে সততে চৰ্চাত থাকে কণ্ঠশিল্পী জুবিন গাৰ্গ ৷

শেহতীয়াকৈ মাজুলীৰ এক বিহু‌ অনুষ্ঠানত জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ সম্বোধনৰ বিৰোধিতা কৰিছিল ৷ ইয়াৰ পিছতে বিতর্কত সোমাই পৰিছিল জুবিন গাৰ্গ। সত্ৰাধিকাৰসকলৰ লগতে আন বিভিন্নজনে সমালোচনা কৰিছিল জুবিন গাৰ্গক । পৰৱৰ্তী সময়ত জুবিন গাৰ্গে ক্ষমা খুজিছিল যদিও এই কথাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

ইয়াৰ পিচতে ডিব্ৰুগড়ত শুকুৰবাৰে পুৱতি নিশালৈকে অনন্য ৰূপত দেখা গ'ল জুবিন গাৰ্গক । ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ-2024ত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰে ৷ যোৱা 21 এপ্ৰিলৰ পৰা জালান নগৰ স্কুল খেলপথাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী উৎসৱ-2024 অনুষ্ঠিত হৈ আছিল ৷ এই কাৰ্যসূচীৰ শেষৰ দিনটোত জুবিন গাৰ্গক আমন্ত্ৰণ কৰা হৈছিল ৷

এইবাৰ জুবিন গাৰ্গে কথাৰে নহয়, ডিব্ৰুগড়ত পুৱতি নিশালৈকে সুৰৰ মায়াজালেৰে ৰাইজক বন্দী কৰি ৰাখে । এটাৰ পিচত আনটোকৈ জনপ্ৰিয় গীত গাই হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰিলে জুবিন গাৰ্গে ।

বহু বিৰ্তকৰ পাচত এতিয়া যেন স্বাভাৱিক হৈছে পৰিস্থিতি । স্বভাৱসুলভভাৱে কোনো বিশেষ কথাৰ পাতনি নেমেলাকৈ অনুষ্ঠান আৰম্ভ কৰি বহু কেইটা জনপ্ৰিয় গীত গাই হাজাৰ হাজাৰ ৰাইজক পুৱতি নিশা লৈকে নচুৱালে জুবিন গাৰ্গে ।

লগতে পঢ়ক: জুবিন গাৰ্গক সাংস্কৃতিক অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ আহ্বান সত্ৰ মহাসভাৰ - Zubeen Garg Controversy

জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উদ্ভণ্ডালি, আৰক্ষীৰ লাঠীচালনা - Zubeen Garg Controversy

আকৌ বিতৰ্কত জুবিন; আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী - Zubeen Garg Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.