মাজুলীত ড্ৰাগছসহ ৰাইজে আটক কৰিলে দুটাকৈ সৰবৰাহকাৰী - Drugs Seized in Majuli

By ETV Bharat Assamese Team

Published : May 5, 2024, 8:02 PM IST

thumbnail
ৰাইজে আটক কৰিলে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী (ETV BHARAT ASSAM)

মাজুলী, 5 মে’ : মাজুলীত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী ৷ লখিমপুৰ জিলাৰ বেবেজীয়াৰ দুই যুৱকক ড্ৰাগছসহ মাজুলীৰ মঘুৱাচুকৰ স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰী দুটাক উমেশ পাও আৰু ভাইটি দলে বুলি চিনাক্ত কৰা হৈছে ৷ মাজুলীৰ মঘুৱাচুকৰ গাঁও উন্নয়ন সমিতিয়ে আটক কৰে দুয়োটা সৰবৰাহকাৰী ৷

তিনিচুকীয়াৰ পৰা ধেমাজি জিলা হৈ মাজুলীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি ৷ তিনিচুকীয়া জিলাৰ দেৱজিৎ গগৈ নামৰ এজন ব্যক্তিয়ে এই ড্ৰাগছ যোগান ধৰা বুলি স্বীকাৰ কৰিছে উমেশ পাও নামৰ সৰবৰাহকাৰীটোৱে ৷ স্থানীয় ৰাইজৰ তৎপৰতাত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে ৷

ইতিমধ্যে জেংৰাই থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধা-পোছা অব্যাহত ৰাখিছে ৷ সুৰা মুক্ত মাজুলীত সুৰাৰ অবৈধ বেহা চলাৰ সমান্তৰালকৈ মাৰাত্মক ড্ৰাগছৰ বেহা পোহৰলৈ অহাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 
 

লগতে পঢ়ক : ভুৱা চি বি আই বিষয়াক দুদিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ - Fake CBI Officials In Jorhat 
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.