ETV Bharat / state

ভুৱা চি বি আই বিষয়াক দুদিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ - Fake CBI Officials In Jorhat

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 4:39 PM IST

FAKE CBI OFFICER DETAINED : শনিবাৰে আদালতে দুদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে ভুৱা চি বি আইৰ বিষয়া জোনমণি বণিয়া ৷ যোৰহাট বৰপুলৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাবলৈ আহি আৰক্ষীৰ জালত পৰিছিল যুৱকজন ৷

FAKE CBI OFFICER DETAINED
ভুৱা চি বি আইৰ বিষয়া জোনমণি বণিয়াক আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ (ETV BHARAT ASSAM)

যোৰহাট, 5 মে’ : দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ভুৱা চি বি আইৰ বিষয়া ৷ নিজকে চি বি আইৰ বিষয়া হিচাপে চিনাকী দি যোৰহাট বৰপুলৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলাবলৈ আহি আৰক্ষীৰ জালত পৰিছিল টীয়ক জগদুৱাৰৰ জোনমণি বণিয়া নামৰ এজন যুৱক ৷ যুৱকজনক শনিবাৰে আদালতে দুদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে ৷

এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি ভুৱা চি বি আই বিষয়াৰূপী যুৱকজনক আৰক্ষীয়ে আদালতৰ পৰা দুদিনৰ বাবে জিন্মাত বিচাৰিছিল আৰু আৰক্ষীয়ে বিচৰা ধৰণেই আদালতে যুৱকজনক দুদিনৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, শুকুবাৰে যোৰহাট বৰপুলৰ ডি বি এন্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানখনৰ বিভিন্ন গাফিলতি থকাৰ কাৰণ দেখুৱাই ধনদাবী কৰিছিল ভুৱা চি বি আই ৰূপী তিনিজনীয়া এটা দলে ৷ প্ৰায় 6 দিনৰ পূৰ্বে ব্যৱসায়িক প্ৰতিষ্ঠান খনলৈ আহি নিজকে চি বি আই বিষয়া ৰূপে পৰিচয় দিছিল জোনমণি বণিয়া নামৰ যুৱকজনে ৷

জোনমণি বনিয়া নামৰ যুৱকজনৰ লগতে তিনিজনীয়া দলটোৱে প্ৰতিষ্ঠানখনলৈ আহি নথি-পত্ৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰ দীপাংকৰ বৰাৰ সন্দেহ হোৱাত যুৱকৰ দলটোক পৰিচয় পত্ৰ বিচাৰে ৷ পৰিচয় পত্ৰখন দেখি স্বত্বাধিকাৰ গৰাকীৰ সন্দেহ হোৱাত ভোগদৈ আৰক্ষী চকীৰ আৰক্ষী লগত যোগাযোগ আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জোনমনি বণিয়া নামৰ ভুৱা চি বি আই বিষয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে AS 06 AB 7379 নম্বৰ গাড়ীত থকা আন কেইজন সদস্য পলাই সাৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সনদৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ ।

লগতে পঢ়ক : ধন দাবী কৰি জালত পৰিল ভুৱা চি বি আই বিষয়া - Fake CBI Officials In Jorhat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.