চাকৰি নিয়মীয়াকৰণৰ দাবীত APDCL ৰ অস্থায়ী কৰ্মচাৰীৰ চিলাপথাৰত প্ৰতিবাদ - Allegation Against APDCL

🎬 Watch Now: Feature Video

thumbnail
চিলাপথাৰত APDCL ৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 2:15 PM IST

1 Min Read
Choose ETV Bharat

জোনাই,২ মাৰ্চ: অসম শক্তি বিতৰণ নিগম লিমিটেড চমুকৈ এপিডিচিএলৰ চিলাপথাৰ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত ৫,৪২২ জন অস্থায়ী কৰ্মচাৰীৰ ভবিষ্যতক লৈ চৰকাৰে চৰম অন্যায় কৰাৰ অভিযোগ উত্থাপন হৈছে । শনিবাৰে কাৰ্যালয়ত বহু সংখ্যক অস্থায়ী কৰ্মচাৰী উপস্থিত থাকি বিষয়টোক লৈ গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌ শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বছৰ বছৰ ধৰি বিনা বেতনে কৰ্তব্য পালন কৰি এপিডিচিএলক জীয়াই ৰখা অস্থায়ী শ্ৰমিকসকলৰ জীৱনক লৈ চৰকাৰখনে চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে ।

কোম্পানীটোত সুদীৰ্ঘ দিন খাটি থকা ৫,৪২২ শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬০ শতাংশৰ নাম প্ৰেৰণ কৰি বাকীসকলৰ নাম বাদ পেলাই চৰম পক্ষপাতমূলক স্থিতি প্ৰদৰ্শন কৰিছে বিভাগে । চৰকাৰে অস্থায়ী শ্ৰমিকসকলৰ জীৱন তিমিৰাচ্ছন্ন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই তিনিবাৰকৈ ভেৰিফিকেশ্যন কৰাৰ পিছতো প্ৰশিক্ষিত আৰু অভিজ্ঞ শ্ৰমিকসকলৰ নাম বাদ পেলোৱাৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে । শীঘ্ৰেই সুদীৰ্ঘ বছৰ ধৰি বিনা বেতনে কৰ্মৰত সকলোকে অন্তৰ্ভুক্ত নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে এপিডিচিএলক অচল কৰি দিয়াৰ সকীয়নি প্ৰদান কৰে বঞ্চিত শ্ৰমিকসকলে ।  

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যক দপ্তৰ বিতৰণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details