চাকৰি নিয়মীয়াকৰণৰ দাবীত APDCL ৰ অস্থায়ী কৰ্মচাৰীৰ চিলাপথাৰত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 2:15 PM IST

thumbnail

জোনাই,২ মাৰ্চ: অসম শক্তি বিতৰণ নিগম লিমিটেড চমুকৈ এপিডিচিএলৰ চিলাপথাৰ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত ৫,৪২২ জন অস্থায়ী কৰ্মচাৰীৰ ভবিষ্যতক লৈ চৰকাৰে চৰম অন্যায় কৰাৰ অভিযোগ উত্থাপন হৈছে । শনিবাৰে কাৰ্যালয়ত বহু সংখ্যক অস্থায়ী কৰ্মচাৰী উপস্থিত থাকি বিষয়টোক লৈ গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌ শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বছৰ বছৰ ধৰি বিনা বেতনে কৰ্তব্য পালন কৰি এপিডিচিএলক জীয়াই ৰখা অস্থায়ী শ্ৰমিকসকলৰ জীৱনক লৈ চৰকাৰখনে চৰম হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে ।

কোম্পানীটোত সুদীৰ্ঘ দিন খাটি থকা ৫,৪২২ শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬০ শতাংশৰ নাম প্ৰেৰণ কৰি বাকীসকলৰ নাম বাদ পেলাই চৰম পক্ষপাতমূলক স্থিতি প্ৰদৰ্শন কৰিছে বিভাগে । চৰকাৰে অস্থায়ী শ্ৰমিকসকলৰ জীৱন তিমিৰাচ্ছন্ন কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই তিনিবাৰকৈ ভেৰিফিকেশ্যন কৰাৰ পিছতো প্ৰশিক্ষিত আৰু অভিজ্ঞ শ্ৰমিকসকলৰ নাম বাদ পেলোৱাৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰে অস্থায়ী কৰ্মচাৰীসকলে । শীঘ্ৰেই সুদীৰ্ঘ বছৰ ধৰি বিনা বেতনে কৰ্মৰত সকলোকে অন্তৰ্ভুক্ত নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে এপিডিচিএলক অচল কৰি দিয়াৰ সকীয়নি প্ৰদান কৰে বঞ্চিত শ্ৰমিকসকলে ।  

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যক দপ্তৰ বিতৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.