ETV Bharat / state

সাহসী কণ্ঠ পৰাগ কুমাৰ দাসৰ 29 সংখ্যক মৃত্যু দিৱস পালন - Parag Kumar Das Death Anniversary

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 12:27 PM IST

Death Anniversary of journalist Parag Kumar Das: মহানগৰীৰ ৰাজগড়ত আপোচবিহীন সাংবাদিক পৰাগ কুমাৰ দাসৰ 29 সংখ্যক মৃত্যু দিৱস পালন ৷ বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইন, সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ লগতে বহুলোকৰ অংশগ্ৰহণ ৷

29th Death Anniversary of journalist Parag Kumar Das observed in Guwahati
পৰাগ কুমাৰ দাস শ্রদ্ধাঞ্জলি অনুষ্ঠান (Etv bharat assam)

গুৱাহাটী, 17 মে’ : আজি সাংবাদিক তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 29 সংখ্যক মৃত্যু দিৱস । আপোচবিহীন সাংবাদিকগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত বহু দল-সংগঠন তথা ব্যক্তি বিশেষে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে । একেদৰে মহানগৰীৰ ৰাজগড়ৰ যিডোখৰ স্থানত নিষ্ঠুৰ ঘাতকে নির্দয়ভাৱে সাংবাদিকগৰাকীক হত্যা কৰিছিল, সেই স্থানতে স্থাপন কৰা পৰাগ কুমাৰ দাসৰ প্রতিমূর্তিৰ সমুখত শুকুৰবাৰৰ পুৱাই শ্রদ্ধাঞ্জলি জনায় পৰিয়ালৰ লোকসকলৰ লগতে গুণমুগ্ধই ।

29th Death Anniversary of journalist Parag Kumar Das observed in Guwahati
পৰাগ কুমাৰ দাস শ্রদ্ধাঞ্জলি অনুষ্ঠান (Etv bharat assam)

মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও সাংবাদিকগৰাকীৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । বৰ্ষীয়ান সাংবাদিক হাইদৰ হুছেইন, সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা, সাংবাদিক প্ৰকাশ মহন্ত, লাচিত বৰদলৈ আদি ব্যক্তিৰ লগতে প্ৰয়াত দাসৰ পত্নীৰ লগতে পৰিয়ালবৰ্গো উক্ত অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

29th Death Anniversary of journalist Parag Kumar Das observed in Guwahati
পৰাগ কুমাৰ দাস শ্রদ্ধাঞ্জলি অনুষ্ঠান (Etv bharat assam)

উল্লেখযোগ্য যে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে (মাছ) প্রতিবছৰৰ দৰে এইবাৰো আজিৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰিব । প্রতিবছৰৰ দৰে এইবাৰো নির্ভীক-সাহসী সাংবাদিকগৰাকীৰ মৃত্যু দিৱসটিত পৰাগ কুমাৰ দাস সতীর্থ মঞ্চই গুৱাহাটী প্ৰেছ ক্লাবত প্রদান কৰিব 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা' । দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী, সমালোচক ড৹ হীৰেন গোহাঁইক চলিত বৰ্ষৰ বাবে মঞ্চই এই বঁটা প্রদান কৰিব ।

29th Death Anniversary of journalist Parag Kumar Das observed in Guwahati
পৰাগ কুমাৰ দাস শ্রদ্ধাঞ্জলি অনুষ্ঠান (Etv bharat assam)

যশস্বী শিল্পী কুলদা কুমাৰ ভট্টাচার্যই আনুষ্ঠানিকভাবে চিন্তানায়ক ড৹ হীৰেন গোহাঁইৰ হাতত এই বঁটা তুলি দিব । দুৰ্ভাগ্যজনক বিষয় যে, 1996 চনৰ 17 মে'ত ঘাতকৰ গুলীত গুৱাহাটীৰ মাজমজিয়াত প্রাণ হেৰুওৱা নির্ভীক-সাহসী সাংবাদিকগৰাকীৰ হত্যাকাৰী আজিও চিনাক্ত নহ’ল ।

লগতে পঢ়ক: Death anniversary of Parag Kumar Das: ২৭ সংখ্যক মৃত্যু তিথিত পৰাগ দাসক স্মৰণ যোৰহাটবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.