ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্যক দপ্তৰ বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:16 PM IST

Governor Gulab Chand Kataria : ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১১ গৰাকী কাৰ্যনিৰ্বাহ সদস্যৰ তালিকাত অনুমোদন জনোৱাৰ পিচত ১৫ ফেব্ৰুয়াৰীত তেওঁলোকে শপতগ্ৰহণ কৰিছিল । ১৫ দিন পিচত বিতৰণ কৰা হৈছে দপ্তৰ ।

NCHAC Budget Session
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ

হাফলং, ১মাৰ্চ: অৱশেষত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ল । আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১১ গৰাকী কাৰ্যনিৰ্বাহ সদস্যৰ মাজত এই দপ্তৰসমূহ বিতৰণ কৰে । উল্লেখ্য যে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ১১ গৰাকী কাৰ্যনিৰ্বাহ সদস্যৰ তালিকাত অনুমোদন জনোৱাৰ পিচত যোৱা ১৫ ফেব্ৰুৱাৰীত পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্যসকলে শপতগ্ৰহণ কৰিছিল । এই শপতগ্ৰহণৰ ১৫ দিন পিচত পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য সকলৰ মাজত দপ্তৰ বিতৰণ কৰা হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য ধনপাইন থাওচেনক অৰ্পণ কৰা হৈছে প্ৰাথমিক শিক্ষা বিভাগৰ দায়িত্ব । ইপিনে, প্ৰবীতা জহৰিক অৰ্পণ কৰা হৈছে হস্ততাত ৰেচম আৰু ক্ৰীড়া যুৱ কল্যাণ বিভাগ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব আমেন্দু হোজাইক দিয়া হৈছে । কৃষি বিভাগৰ দায়িত্ব দিয়া হৈছে দেৱজিৎ বাটাৰিক । আনহাতে,পশুপালন পশু চিকিৎসা আৰু সাংস্কৃতিক বিভাগৰ দায়িত্ব দিয়া হৈছে মনজিত নাইডিংক। নিৰঞ্জন হোজাইক অৰ্পণ কৰা হৈছে সমাজ কল্যাণ আৰু গ্ৰামোন্নয়ন বিভাগ ।

স্বায়ত্তশাসিত পৰিষদত ওজন আৰু পৰিমাপ বিভাগৰ দায়িত্ব দিয়া হৈছে পাওদামিঙ নৃয়ামেক । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ লোক নিৰ্মাণ বিভাগ, জল সম্পদ ,শিল্প আৰু তথ্য জনসংযোগ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে জসমথাং মাৰকক । আনহাতে,মীন,সমবায় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব দিয়া হৈছে চেমিছিং ইংতিক । চেমুৱেল ছাংচনক দিয়া হৈছে স্বাস্থ্য বিভাগৰ দায়িত্ব । ভূমি সংৰক্ষণ বিভাগৰ দায়িত্ব বিশ্বজিত দাওলাগাপুক অৰ্পণ কৰা হৈছে । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাই নিজৰ হাতত ৰাখিছে জিএডি বিত্ত ভূমি আৰু ৰাজহ আৰু অন্যান্য বিভাগ ।

ইপিনে, আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাজেট অধিবেশনত ২০২৪-২৫ বিত্তীয় বছৰৰ বাজেট দাখিল কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য তথা ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যবাহী সদস্য ধনপাইনন থাওচেনে । আজি দাখিল কৰা এই বাজেট পাৰ্বত্য পৰিষদৰ সদনত সৰ্বসন্মতি ক্ৰমে গৃহীত হয় ।

লগতে পঢ়ক:ধুবুৰী-বৰপেটা অগপক, ইউ পি পি এলক কোকৰাঝাৰ: বাকী বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.