CAA ৰ বিৰুদ্ধে গৰজি উঠিল ধেমাজি আছু

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:49 PM IST

thumbnail

ধেমাজি,১ মাৰ্চ: কেন্দ্ৰীয় চৰকাৰে অচিৰেই CAA বলবৎ কৰাৰ সম্ভাৱনা স্পষ্ট কৰাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । শুকুৰবাৰে চিলাপথাৰত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিলে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা । ধেমাজি জিলা AASU ৰ সভাপতি সঞ্জীৱ দাসে কয় যে খিলঞ্জীয়া নিঃশেষকাৰী CAA অসমীয়াই কাহানিও মনা নাই আৰু নামানে । যিটো সময়ত CAA উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে তেনে সময়তে কি স্বাৰ্থত খিলঞ্জীয়াৰ প্ৰতি প্ৰবল ভাবুকি সৃষ্টি কৰা আইনখন বলবৎ কৰিবলৈ লৈছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।  

ইতিমধ্যে ৩০ জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা অনুষ্ঠিত হৈছে বুলি জানিবলৈ দি অসম চুক্তি বিৰোধী আইনখন পুনৰ আনিলে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ গঢ়ি তোলাৰ সিদ্ধান্তৰ কথা অৱগত কৰে । অহা ৪ মাৰ্চৰ পৰা সংগঠনটোৰ ধেমাজি জিলাৰ প্ৰান্তে প্ৰান্তে গৈ আইনখনৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব বুলি উল্লেখ কৰে । ন্যায়ালয়ৰ ওপৰত BJP চৰকাৰ নহয় বুলি মন্তব্য কৰি CAA বলবৎ কৰাৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে সভাপতিগৰাকীয়ে । 

লগতে পঢ়ক: CAA বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম অসম আৰক্ষী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.