ETV Bharat / state

CAA বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম অসম আৰক্ষী

Citizenship Amendment Act: ‘কা’বিৰোধী শক্তিক মষিমূৰ কৰিবলৈ সাজু হৈছে গৃহ বিভাগ ৷ আইনখন বলবৎ কৰাৰ সময়ত যাতে কোনোধৰণৰ প্ৰতিবাদমুখৰ অথবা অপ্ৰীতিকৰ পৰিস্থিৰ সৃষ্টি নহয় তাৰ বাবে সষ্টম কৰা হৈছে ৰাজ্যৰ আৰক্ষীক ৷

Anti CAA Protest Assam
নাগৰিকত্ব সংশোধনী আইন
author img

By ETV Bharat Assamese Team

Published : March 1, 2024 at 3:53 PM IST

2 Min Read
Choose ETV Bharat
আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম অসম আৰক্ষী

গুৱাহাটী, ১ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিধি প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে চৰকাৰ ৷ 'কা' বলৱৎ কৰাৰ বাবে চলি থকা প্ৰস্তুতিৰ সন্দর্ভত ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম চৰকাৰক অৱগত কৰিছে আৰু ইয়াৰ বাবে সম্ভাব্য প্ৰতিক্ৰিয়াৰ প্ৰতি সজাগ আৰু চোকা দৃষ্টি ৰাখিবলৈ সতৰ্ক কৰি দিছে ।

কেন্দ্ৰীয় চৰকাৰৰ এই জৰুৰী বাৰ্তাৰ পিচতেই সষ্টম হৈ পৰিছে অসম চৰকাৰ । সম্ভাব্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ যুদ্ধকালিন তৎপৰতাৰে সাজু কৰা হৈছে অসম আৰক্ষীক । 'কা'ক লৈ অসমত পুনৰ আন্দোলনৰ সূচনা হোৱাৰ আশংকাত অসম আৰক্ষীৰ মুখ্য কার্যালয়ে আৰক্ষীৰ বিষয়া-জোৱান-কৰ্মচাৰীসকলৰ ছুটী বাতিল কৰিছে ।

ইপিনে নাগৰিকত্ব সংশোধনী আইনক লৈ পুনৰ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । CAA বিৰোধী আন্দোলন প্ৰতিৰোধ কৰিবলৈ সষ্টম হৈছে অসম আৰক্ষী । বিশেষকৈ মহানগৰীখন প্ৰতিবাদশূন্য কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে আৰক্ষীয়ে । তদুপৰি প্ৰতিখন জিলাতো আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ কুচকাৱাজ আৰম্ভ কৰা হৈছে ।

জিলাভিত্তিক সুৰক্ষা বেষ্টনী গঢ়ি তোলাৰ নিৰ্দেশ দিয়া হৈছে প্ৰতিগৰাকী আৰক্ষী অধীক্ষকক । জিলাই জিলাই আৰক্ষীৰ সকলো বিষয়া- জোৱানৰ ছুটী নাকচ কৰিছে ঊৰ্ধ্বতন কর্তৃপক্ষই । সকলো জিলাতে আৰক্ষীয়ে প্ৰতিবাদ দমনৰ কুচকাৱাজৰ সামৰিক অনুশীলনো আৰম্ভ কৰিছে ।

ৰাজ্যৰ আন আন জিলাৰ লগতে গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰে এইবাৰ যাতে 'কা'বিৰোধী আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিব নোৱাৰে বা হিংসাত্মক ৰূপ ল'ব নোৱাৰে, সেয়া নিশ্চিত কৰিবৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ১১ ফেব্ৰুৱাৰীত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হৈছিল ৷ উক্ত বৈঠকৰ জৰিয়তে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে প্ৰয়োজনীয় কার্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰে ।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই বলৱৎ কৰা হ’ব বুলি দেশৰ গৃহ মন্ত্ৰণালয়ে জনোৱাৰ পিচতে বিৰোধী দলসমূহৰ লগতে জাতীয় সংগঠনসমূহে আইনখনৰ বিৰোধিতাৰে পুনৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা দেখা গৈছে ।

লগতে পঢ়ক: গুৱাহাটীবাসীৰ সুৰক্ষাৰ বাবে সাজু আৰক্ষী সঞ্চালক প্ৰধান, সামাজিক মাধ্যমত পোষ্ট ৪২ খন আলোকচিত্ৰ