সৰস্বতী পূজাৰ দিনাই বিদ্যালয়ত লাগিল জুই

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:48 AM IST

thumbnail

কলিয়াবৰ, ১৫ ফেব্ৰুৱাৰী: সৰস্বতী পূজাৰ দিনাই কলিয়াবৰৰ কুঁৱৰীটোলস্থিত কুঁৱৰীটোল প্ৰাথমিক বিদ্যালয়ত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ সৰস্বতী পূজাৰ অন্তত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল ঘৰমুৱা হোৱাৰ পাচত সন্ধিয়া ৭ মান বজাত বিদ্যালয়খনিৰ সা-সামগ্ৰী মজুত ৰখা এটা কোঠাৰ পৰা জুইৰ সূত্ৰপাত ঘটে ।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে কলিয়াবৰ আৰক্ষী, কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত হৈ জুই নিৰ্বাপিত কৰে । ফলত অগ্নিকাণ্ডৰ পৰা কাষৰীয় কেইবাটাও বাসগৃহৰ লগতে বিদ্যালয়খনৰ শ্ৰেণীকোঠা কথমপি ৰক্ষা পৰে ।

জানিব পৰা মতে, বিদ্যালয় কৰ্তৃপক্ষৰ অসাৱধানতাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয় । সৰস্বতী পূজা উপলক্ষে বিদ্যালয় চৌহদত ৰন্ধা-বঢ়া কৰা আধা জ্বলা খৰি আনি বিদ্যালয়ৰ ভিতৰত জমা ৰখাৰ পৰিণতিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । 

লগতে পঢ়ক: তিনিচুকীয়াত একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.