গোলাঘাটত জগন্নাথ সমূহীয়া ভৱনৰ শিলান্যাস - Foundation Stone Laid In Golaghat

🎬 Watch Now: Feature Video

thumbnail
গোলাঘাটত জগন্নাথ সমূহীয়া ভৱনৰ শিলান্যাস (undefined)

By ETV Bharat Assamese Team

Published : March 6, 2024 at 8:00 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট,৬ মাৰ্চ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত অব্যাহত আছে বিকাশ যাত্ৰা ৷ বিকাশ যাত্ৰাৰ লগত সংগতি ৰাখি গোলাঘাটৰ খুমটাইৰ শালমৰা চাহ বাগিচাত ১ কোটি ৪২ লাখ টকাৰে জগন্নাথ সমূহীয়া ভৱনৰ শিলান্যাস কৰি সমষ্টিটোত বিভিন্ন স্থানত ১০ টা স্থানত এনেধৰণৰ প্ৰকল্পৰ কাম চলিব বুলি উল্লেখ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই  ৷  

আনহাতে উক্ত অনুষ্ঠানতে জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমূহ চাহ বাগিচাত আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰিছে তাৰ সমান্তৰালকৈ চাহ বাগিচাৰ লোকৰ সুবিধাৰ্থে বাগিচা অঞ্চলত এনেধৰণৰ কমিউনিটি হল নিৰ্মাণ কাৰ্য হাতত লৈছে । এই কমিউনিটি হল নিৰ্মাণ হোৱাৰ পাছত চাহ বাগিচা অঞ্চলত অনুষ্ঠিত কৰা বিভিন্ন ধৰণৰ সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বাগিচাৰ নিবনুৱা যুৱক-যুৱতীসকলে আত্ম-সংস্থাপনৰ বাবে দিয়া বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব ।  

গতিকে এই কমিউনিটি হলৰ জৰিয়তে চাহ বাগিচাৰ লোক সকল যথেষ্ঠ উপকৃত হ'ব বুলি আশাবাদী বিষয়াগৰাকী । উল্লেখ্য যে, এই জগন্নাথ কমিউনিটি হল বিত্তমন্ত্ৰী অজন্তা নেওগে উন্মোচন কৰাৰ কথা আছিল যদিও তেখেত হঠাৎ অসুস্থ হোৱাত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এই আচঁনি উদ্বোধন কৰে ।

লগতে পঢ়ক: নাৰায়ণপুৰত ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details