নাৰায়ণপুৰত ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 3:46 PM IST

thumbnail

বিহপুৰীয়া, ৬ মাৰ্চ : অসমৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াসৰ লগত সংগতি ৰাখি আজি বিকাশ যাত্ৰাত বিহপুৰীয়া বিধানসভাৰ সমষ্টিৰ নাৰায়ণপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা ৷ নাৰায়ণপুৰত লখিমপুৰ জিলা পৰ্যায়ৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই  ৷ ১১২ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া চিকিৎসালয়খনত ১০০ খন বিচনাৰ সুবিধা থাকিব ৷  

চাৰিমহলীয়া এই ১০০ খন বিচনাযুক্ত চিকিৎসালয়ত ৩ টা অস্ত্ৰোপচাৰ কক্ষ, চিটি স্কেন, আই চি ইউৰ লগতে দন্ত সেৱাৰ ব্যৱস্থা থাকিব ৷ চিকিৎসালয়খনৰ নিৰ্মাণৰ সময়মীমা ২৪ মাহ ধাৰ্য কৰি দিয়া হৈছে নিৰ্মাণকাৰী সংস্থাক ৷ চিকিৎসালয়খন ১৮ মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিলে অসম চৰকাৰে ৩ কোটি টকা পুৰস্কাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:বঙাইগাঁৱত বিকাশ যাত্ৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.