ETV Bharat / state

বঙাইগাঁৱত বিকাশ যাত্ৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 5:42 PM IST

Himanta Biswa Sarma in Bongaigaon : 2025ৰ প্ৰথম ভাগত পাঠদান আৰম্ভ হ’ব বঙাইগাঁও মেডিকেল কলেজৰ ৷ বঙাইগাঁও মহাবিদ্যালয় পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জানিবলৈ দিয়ে এই কথা ৷

Himanta Biswa Sarma in Bongaigaon
বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বঙাইগাঁও, 5 মাৰ্চ: ‘বিকাশৰ যাত্ৰা’ৰ অংশ হিচাবে মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত 171 কোটি টকাৰ বিভিন্ন আচঁনিৰ শিল্যান্যাস, ভূমিপূজন আৰু শুভউদ্বোধন কৰে ৷ বঙাইাগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱত থকা বঙাইগাঁও ষ্টেডিয়ামত এক বিশাল জনসভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত প্ৰকল্পসমূহ মুকলি কৰাৰ লগতে ভূমিপূজনো কৰে ।

দেশৰ ভিতৰতে অসম ৰাজ্যখন শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও চহৰৰ দোলাইগাঁৱত প্ৰায় 21 কোটি টকাৰ এটা আধুনিক প্ৰেক্ষাগৃহৰ ভূমিপূজন কৰাৰ লগতে জিলাখনৰ জেল্কাঝাৰত নতুনকৈ নিৰ্মাণ কৰা বি এড কলেজৰ শুভ উদ্বোধন কৰে ৷ লোকসভা নিৰ্বাচনৰ পিচতে বি এড কলেজৰ পাঠদান আৰম্ভ হ’ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

একেদৰে অভয়াপুৰীৰ লালমাটিস্থিত ঐতিহাসিক গণেশ মন্দিৰৰ বাউণ্ডেৰী ৱালৰ নিৰ্মাণকাৰ্য শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰোপৰি 8 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ শালমাৰাৰ টুলুঙীয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ উন্নয়নৰ কাম আৰম্ভ কৰে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মঙলবাৰে জিলাখনৰ কেবাটাও গুৰুত্বপূৰ্ণ পি ডব্লিও ডি ৰোডৰ নিৰ্মাণকাৰ্য শুভাৰম্ভ কৰে৷

আনহাতে 2025 চনৰ প্ৰথম ভাগত বঙাইগাঁও মেডিকেল কলেজৰ পাঠদান আৰম্ভ কৰিব পৰা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই৷ ইপিনে বঙাইগাঁও কলেজখন এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলৈ কাম আৰম্ভ কৰা হৈছে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিগত দুটা বছৰত বঙাইগাঁও জিলাখন দোপতদোপে আগবাঢ়ি যোৱা বুলি প্ৰকাশ কৰে ৷

ৰাজ্য চৰকৰৰ সুচিন্তাৰ বাবে বঙাইগাঁৱৰ লগতে সমগ্ৰ অসমতে বৰ্তমান বিকাশ আৰু উন্নয়নৰ যাত্ৰা আৰম্ভ হোৱা বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: চিআইডিৰ কাৰ্যালয়ত হাজিৰ নহয় ভূপেন বৰা; দ্বিতীয় চমন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.