ধেমাজিত দুখন শিক্ষানুষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 11:27 AM IST

thumbnail

ধেমাজি, 4 মাৰ্চ : ৰাজ্যজুৰি অব্যাহত আছে ৰাজ্য চৰকাৰে "বিকাশ যাত্ৰা" কাৰ্যসূচী ৷ ইয়াৰে অংশ হিচাপে দেওবাৰে ধেমাজিৰ আগশাৰী শিক্ষানুষ্ঠান ক্ৰমে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধেমাজি মহাবিদ্যালয়ত নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৷ 

এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আয়োজন কৰা এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱাইও ৷ ইয়াৰ পিচতে ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বাবে আৱন্টন হোৱা ৯৯.৭৫ লাখ টকীয়া ভৱনটোৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

এইবৰ্ষত এই কাৰ্যসূচীৰ অধীনত আঠ কোটি টকা ব্যয় সাপেক্ষে ধেমাজি বিধানসভা সমষ্টিত চাৰিখন উচ্চতৰ মাধ্যমিকৰ শিক্ষানুষ্ঠানত নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ বিকাশ যাত্ৰাৰ বাবে ধেমাজি বিধানসভা সমষ্টিৰ চাৰিটা মণ্ডল ক্ৰমে গোগামুখ, মাছখোৱা, বৰদলনি আৰু ধেমাজি চক্ৰত ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ৷

লগতে পঢ়ক: ৰাইজৰ লগত আলোচনাৰ পিচতহে সিদ্ধান্ত ল’ব ফণীভূষণ চৌধুৰীয়ে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.