ETV Bharat / politics

ৰাইজৰ লগত আলোচনাৰ পিচতহে সিদ্ধান্ত ল’ব ফণীভূষণ চৌধুৰীয়ে !

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 6:08 PM IST

MLA Phani Bhusan Choudhury
ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া

MLA Phani Bhusan Choudhury : লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেয়া বঙাইগাঁৱৰ ৰাইজৰ সৈতে আলোচনা কৰিহে নিৰ্ণয় ল’ব বুলি মন্তব্য ফণীভূষণ চৌধুৰীৰ ৷ সমষ্টিবাসীক বিমুখ কৰি কোনো সিদ্ধান্ত নলয় বুলিও মন্তব্য কৰে তেওঁ ৷

লোকসভাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ফণীভূষণ চৌধুৰীৰ প্ৰতিক্ৰিয়া

বঙাইগাঁও, 3 মাৰ্চ : গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গণ পৰিষদ দলৰ গুৰুত্বপূৰ্ণ সভাত ভাগ লৈ দেওবাৰে বঙাইগাঁও চহৰত উপস্থিত বিধায়ক ফণীভূষণ চৌধুৰী ৷ বঙাইগাঁও জিলাৰ বৰপাৰাস্তিত অগপৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ৷

আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টি বিজেপিয়ে মিত্ৰ দল অগপক এৰি দিয়াৰ পিচত, সমষ্টিটোত বিধায়ক ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা চৰ্চা চলিছিল ৷ ইতিমধ্যে অগপ নেতৃত্বই বৰপেটা লোকসভাত ফণীভূষণ চৌধুৰীয়ে নিৰ্বাচন খেলাটো বিচাৰিছে৷ কিন্তু বৰপেটাত প্ৰাৰ্থী হ’ব বিচৰা নাই বঙাইগাঁও বিধানসভা সমষ্টিৰ 8 বাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷ বঙাইগাঁৱত অগপৰ নেতা-কৰ্মীয়েও এৰি দিব বিচৰা নাই ফণীভূষণ চৌধুৰীক ৷ বঙাইগাঁও জিলা অগপই জ্যেষ্ঠ নেতাজনক বৰপেটাৰ প্ৰাৰ্থী হিচাপে ঘোষণা নকৰিবলৈ দলীয় নেতৃত্বক আহ্বান জনাইছে ৷ ফলত এতিয়া বিমোৰত পৰিছে অসম গণ পৰিষদৰ নেতৃত্ব ৷

ইয়াৰ মাজতে আজি বঙাইগাঁৱত উপস্থিত হৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ফণীভূষণ চৌধুৰীয়ে ৷ বিধায়কগৰাকী সংবাদমাধ্যমৰ আগত কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেয়া বঙাইগাঁৱৰ ৰাইজৰ সৈতে আলোচনা কৰিহে নিৰ্ণয় ল’ব তেওঁ ৷ শনিবাৰে অনুষ্ঠিত হোৱা অগপ দলৰ সভাত কেৱল দলীয় সাংগঠনিক কাম-কাজৰ কথাহে আলোচনা হৈছে, প্ৰাৰ্থিত্ব সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি মন্তব্য কৰে তেওঁ ৷ লগতে সমষ্টিবাসীক বিমুখ কৰি কোনো সিদ্ধান্ত নলয় বুলিও মন্তব্য কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷

তেওঁ কয় যে, ৰাইজে বঙাইগাঁও সমষ্টি এৰি সংসদলৈ যাব নালাগে বুলি দাবী জনাইছে ৷ গতিকে সমষ্টিবাসী ৰাইজৰ আবেগ-অনুভূতিক গুৰুত্ব আৰোপ কৰিবই লাগিব ৷ গতিকে প্ৰাৰ্থিত্ব সন্দৰ্ভত সমষ্টিবাসী ৰাইজৰ সৈতে দুই-এদিনতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে বিধায়কজনে ৷

লগতে পঢ়ক : চৌধুৰী-শুক্লবৈদ্যই এৰি যাব খোজা নাই আপোন মানুহখিনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.