ETV Bharat / politics

চৌধুৰী-শুক্লবৈদ্যই এৰি যাব খোজা নাই আপোন মানুহখিনিক

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:55 PM IST

Lok Sabha election 2024
মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিধায়ক ফণীভূষণ চৌধুৰী

Lok Sabha election 2024 : মানুহ দুজনৰ মন ভাল নহয় ৷ ৰাজনীতি কৰিলে বুলিয়েই নিজৰ ইচ্ছাৰ বিৰুদ্ধে কিছুমান কাম কৰিবলৈ হয়তো দুয়োজনে বেয়া পায় ৷ সৎ ৰাজনীতিক হিচাপে সুদীৰ্ঘ কালজুৰি মানুহ দুজন অসমত পৰিচিত ৷ পিচে দুয়োৰে মন বেয়া কিয় ?

চৌধুৰী-শুক্লবৈদ্যই এৰি যাব খোজা নাই আপোন মানুহখিনিক

নিউজ ডেস্ক, ২ মাৰ্চ : দুয়োজন মানুহৰ ক’ৰবাত কিবা এটা মিল আছে ৷ মানুহ দুজন অসমৰ ৰাজনীতিত অতিকে চিনাকি ৷ মিলটো কি জানেনে ? দুয়োৰে সাধাৰণ জীৱনশৈলী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আপুনি হয়তো অনুমান কৰিব পাৰিছে আমি কাৰ কথা ক’ব খুজিছো ৷ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত দুয়োজনেই একো একোটা চিনাকি নাম ৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিধায়ক ফণীভূষণ চৌধুৰী ৷ এজন বিজেপিৰ, আনজন অগপৰ ৷

একেৰাহে ৪০ বছৰ বিধায়ক হৈয়েই আছে চৌধুৰী ৷ পৰিমল শুক্লবৈদ্যও ২০ বছৰজুৰি হৈয়েই আছে বিধায়ক ৷ সমষ্টিত কিমান জনপ্ৰিয়তা থাকিলে একোজন নেতা এনেদৰে সুদীৰ্ঘ সময় ধৰি বিধায়ক হৈ থাকিব পাৰে, সেয়া নিশ্চয় কাকো বুজাই ক'ব নালাগে ৷

দুয়োজনৰে জনপ্ৰিয়তাৰ আঁৰৰ মূল কাৰণটোৱেই হৈছে সাধাৰণ জীৱনশৈলী ৷ মাটিৰ লগত মিলি থাকিব পৰা গুণৰ অধিকাৰী দুয়োজন ৷ পিচে এই কেইদিন দুয়োৰে মন ভাল নহয় ৷ দুয়োজনে মনেৰে নিবিচৰা কাম এটা তেওঁলোকক কৰিবলৈ দিছে দলীয় নেতৃত্বই ৷

লগতে পঢ়ক : কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

বৰপেটাত ফণীভূষণ চৌধুৰী অগপৰ প্ৰাৰ্থী ! শিলচৰত পৰিমল শুক্লবৈদ্য বিজেপিৰ প্ৰাৰ্থী ! পিচে এজনৰো মন নাই দিল্লীলৈ যোৱাৰ ৷ কিন্তু দলীয় ৰাজনীতিত নিজৰ ভাল লগা বেয়া লগাবোৰৰ গুৰুত্ব কম ৷ দলৰ স্বাৰ্থহে মূল কথা ৷ নিজৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও দলৰ সিদ্ধান্ত মানিবই লাগিব ৷ দুয়োজনৰ এজনেও এৰি থৈ যাব খোজা নাই ধলাই বা বঙাইগাঁও সমষ্টিৰ আপোন মানুখিনিক ৷

এৰা ! এইখিনি মানুহেইতো আজি ৪০ বছৰে ফণীভূষণ চৌধুৰীক আৰু ২০ বছৰে পৰিমল শুক্লবৈদ্যক নিজৰ কৰি ৰাখিছে ৷ ইয়াৰ মাজতে শনিবাৰে বিধায়ক ফণীভূষণ চৌধুৰীৰ বঙাইগাঁৱৰ বাসগৃহৰ সন্মুখত বহু মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ । তেওঁলোকৰ এটাই দাবী ফণীভূষণ চৌধুৰী বিধায়ক হিচাবেই থাকক, সাংসদ হ’ব নালাগে ।

সমষ্টিবাসীৰ চ'ৰাঘৰৰ পৰা পাকঘৰলৈ অবাধ আহ-যাহ ফণীভূষণ চৌধুৰী আৰু পৰিমল শুক্লবৈদ্যৰ ৷ এতিয়া কোন স'তে এৰি যায় বাৰু আপোন মানুহখিনিৰ মৰমৰ সেই বান্ধোন !

লগতে পঢ়ক : ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ বঙাইগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.