বিভিন্ন কাৰ্যসূচীৰে শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 2:22 PM IST

thumbnail

কাছাৰ, 1 মাৰ্চ: শুকুৰবাৰে শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শিলচৰত উপস্থিত হৈ শৰ্মাই প্ৰথমে উদ্বোধন কৰে শিলচৰ মেডিকেল কলেজত 177 কৌটি টকা ব্যয়েৰে নৱনিৰ্মিত অমৃত পানীয় জল প্ৰকল্প ৷ ইয়াৰ পাচত মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ মেডিকেল কলেজত 265 কৌটি টকা ব্যয়েৰে নৱনিৰ্মিত কৰ্কট হাস্পতাল উদ্বোধন কৰে ।

শুকুৰবাৰে শিলচৰত উপস্থিত হৈ সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " শীঘ্ৰেই লোকসভাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব । ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে ।" জাগীৰোডত নিৰ্মাণ হ’বলগীয়া ছেমি কন্ডাক্টৰ ইণ্ডাষ্টী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "টাটাই নিৰ্মাণ কৰিব এই ইণ্ডাষ্টী প্ৰকল্প । চৰকাৰে ইয়াত আৰ্থিক সাহায্য আগবঢ়াব । লগতে ইয়াত প্ৰায় 32 হাজাৰ লোকৰ নিযুক্তি দিয়া হ’ব ।"

বৰাকত আজি প্ৰায় 2000 কৌটি টকাৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.