বজ্ৰপাতৰ ফলত জ্বলি ছাৰখাৰ বৃহৎ ব্ৰয়লাৰ ফাৰ্ম - Lightning in Dhemaji

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 5:06 PM IST

thumbnail

ধেমাজি,২৬ মাৰ্চ : ধেমাজি জিলাৰ বিষ্ণুপুৰত চাঞ্চল্যকৰ ঘটনা । নিমিষতে জ্বলি ছাৰখাৰ গহপুৰীয়াৰ এখন বৃহৎ ব্ৰয়লাৰ ফাৰ্ম । ফাৰ্মখন উদীয়মান ব্যৱসায়ী নিতুল চেতীয়াৰ আছিল । ফাৰ্মখনত প্ৰায় ৩ হাজাৰ ব্ৰয়লাৰ কুকুৰা আছিল বুলি জানিবলৈ দিয়ে ব্যৱসায়ীগৰাকীয়ে । সোমবাৰে নিশা বজ্ৰ পৰি ফাৰ্মখনত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় লোকৰ । বৃহৎ ফাৰ্মখন জ্বলি ছাই হোৱাৰ লগে লগে এতিয়া স্বত্বাধিকাৰী লগতে ইয়াৰ সৈতে জড়িত পৰিয়ালবোৰৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ।

জানিব পৰা মতে প্ৰায় ৫ টা পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ ভৰষা আছিল এই ফাৰ্মখন । জানিব পৰা মতে অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ীগৰাকী প্ৰায় ১০-১২ লাখ টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ যাৰ বাবে ভুক্তভোগী লোকসকলে চৰকাৰ তথা প্ৰশাসনৰ পৰা ক্ষতিপূৰণ বিচাৰিছে ।

লগতে পঢ়ক:বজ্ৰ পৰি ছাঁই হ’ল ভদ্ৰৰ আপোন ঘৰখন, পশুধন - Lightning In Jorhat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.