ETV Bharat / state

আজি দুদিনীয়া অসম ভ্ৰমণলৈ আহি ৰাজ্যবাসীক ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 2:03 PM IST

Updated : Mar 8, 2024, 10:45 AM IST

PM Modi Assam Visit : শুকুৰবাৰে দুদিনীয়া অসম ভ্ৰমণত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিয়লি ৪ বজাত তেজপুৰত উপস্থিত হৈ নিশা কটাব কাজিৰঙাত প্ৰধানমন্ত্ৰীয়ে । শনিবাৰে কাজিৰঙাত দুঘণ্টা কটাব প্ৰধানমন্ত্ৰীয়ে । হোলোঙাপাৰাত উন্মোচন কৰিব লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি । মেলেংমেটেলী পথাৰত ৰাজহুৱা সভা সম্বোধন কৰি শুভাৰম্ভ আৰু আধাৰশিলা কৰিব বহুকেইটা প্ৰকল্পৰ । একেলগে ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰৰ গৃহপ্ৰৱেশ । ৬০ লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী উপভোগ কৰিব প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান ।

PM Modi Assam Visit
১৮ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে : মুখ্যমন্ত্ৰী

১৮ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে : মুখ্যমন্ত্ৰী

গুৱাহাটী, ৮ মাৰ্চ : দুদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অসমক দিব কেবাহাজাৰ কোটি টকাৰো উপহাৰ ৷ অসম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ১৮ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীকলৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে কয় যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি ৪ বজাত তেজপুৰৰ বিমান বন্দৰত অৱতৰণ কৰি পোনে পোনে কাজিৰঙালৈ যাব । সিদিনা প্ৰধানমন্ত্ৰীৰ বিশেষ কোনো কাৰ্যসূচী নাই । নিশা কাজিৰঙাতে থাকিব প্ৰধানমন্ত্ৰী মোদী । ৯ মাৰ্চৰ পুৱা ৫.৩০ বজাত কাজিৰঙা অভয়াৰণ্যলৈ যাব প্ৰধানমন্ত্ৰী মোদী ।

প্ৰথমবাৰৰ বাবে এনেদৰে এগৰাকী প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাত কটাব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত প্ৰায় দুঘণ্টা সময় অতিবাহিত কৰিব । কাজিৰঙাৰ পৰা প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশলৈ ৰাওনা হ’ব আৰু তাত দুটা অনুষ্ঠানত ভাগ ল'ব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

অৰুণাচলৰ কাৰ্যসূচীৰ পিচত দিনৰ ১.৩০ বজাত যোৰহাটলৈ আহিব প্ৰধানমন্ত্ৰী । হোলোঙাপাৰাৰ হেলিপেডত অৱতৰণ কৰাৰ পাচত প্ৰধানমন্ত্ৰীয়ে লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰিব । প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাচত হোলোঙাপাৰাৰ পৰা লাচিত বৰফুকন সমাধিক্ষেত্ৰৰ সমীপৰ মেলেংমেটেলী পথাৰলৈ আহিব ।

মেলেং মেটেলী পথাৰত আয়োজন কৰা ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহুকেইটা প্ৰকল্পৰ শুভাৰম্ভনী আৰু আধাৰশিলা স্থাপন কৰিব । উক্ত সভাতে দেশৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি প্ৰধানমন্ত্ৰীয়ে একেলগে ৫ লাখ ৫৫ হাজাৰ ৫৫৫ টা প্ৰধানমন্ত্ৰীৰ আবাস যোজনাৰ ঘৰ হিতাধিকাৰীক প্ৰদান কৰিব । এই সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে তিনিচুকীয়া মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব ।

সেইদৰে পি এম ডিভাইন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব আৰু গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৩০০ কোটি টকা ব্যয়ৰ শিশুসকলৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ।

আনহাতে ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা .৬৫ মিলিয়ন মেট্ৰিকটনৰ পৰা ১ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি কৰাৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিব । ইয়াৰ বাবে ব্যয় হ'ব ৭৬৮ কোটি টকা । সেইদৰে ৫১০ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী শোধনাগাৰৰ শোধন ক্ষমতা ১ মিলিয়ন মেট্ৰিক টনৰ পৰা ১.২ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰা সম্প্ৰসাৰণ প্ৰকল্পৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব ।

লগতে পঢ়ক : টীয়কত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আনহাতে গুৱাহাটীৰ বেতকুছিত থকা টাৰ্মিনেল ২৭৭ কোটি টকা ব্যয় সাপেক্ষে সম্প্ৰসাৰণ কৰা প্ৰকল্পৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অসমৰ বাবে ভাল খবৰ যে এতিয়াৰে পৰা অসমলৈ বাহিৰৰ পৰা খাৰুৱা তেল আৰু গেছ আহিব । পূৰ্বতে অসমৰ পৰা বাহিৰলৈ নিয়া হৈছিল । বাৰাউনীৰ পৰা নুমলিগড়লৈ তেল আৰু গেছ অনাৰ বাবে ৩৯৯২ কোটি টকা ব্যয় সাপেক্ষে কৰা পাইপ লাইন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

গুৱাহাটী আৰু নুমলিগড় শোধনাগাৰত খাৰুৱা তেল বৃদ্ধিৰ বাবে ৫৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটীৰ পৰা বাৰাউনীলৈ খাৰুৱা তেল ঠেলি পঠিওৱা পাম্পিং ষ্টেচনৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে । সেইদৰে ৫১ কোটি টকা ব্যয় সাপেক্ষে নুমলিগড়ৰ পৰা ডিগবৈলৈ পঠ‍াব পৰা পাম্পিং ষ্টেচনো মুকলি কৰা হ'ব ।

তদুপৰি ভাৰতীয় ৰে'লৱেৰ দুটা প্ৰকল্পৰো প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব । ইয়াৰ বাবে ব্যয় হ'ব ১৩২৮ কোটি টকা । ইয়াৰে ধূপধৰাৰ পৰা ছয়গাঁৱলৈ নিৰ্মাণ কৰি থকা ১৬৭ কিলোমিটাৰ দ্বৈত ৰে’লসেৱাৰ ৩৪ কিলোমিটাৰৰ প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব । ইয়াৰ বাবে ব্যয় হ'ব ৮০৭ কোটি টকা ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ যোৰহাটত নেতা-মন্ত্ৰীৰ ভিৰ

সেইদৰে ৫২১ কোটি টকা ব্যয়ৰ নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ ৫২১ কিলোমিটাৰ ৰেলপথৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰীয়ে মেলেংমেটেলীৰ সভাৰ পৰাই প্ৰায় ১৮ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব ।

লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে মূৰ্তিটোৰ উচ্চতা ৮৪ ফুট আৰু ইয়াৰ পেদেষ্টেলৰ উচ্চতা ৪১ ফুট । অৰ্থাৎ লাচিত বৰফুকনৰ সম্পূৰ্ণ প্ৰতিমূৰ্তিৰ উচ্চতা ১২৫ ফুট । পৰৱৰ্তী সময়ত এই প্ৰকল্পটোত আহোম সাম্ৰাজ্যৰ বুৰঞ্জী সম্বলিত এটা সংগ্ৰহালয়ৰ লগতে অসমৰ সামগ্ৰিক ইতিহাসৰ এটা গেলাৰী সংলগ্ন হ'ব ।

তদুপৰি ৫০০ লোক বহিব পৰা এটা প্ৰেক্ষাগৃহ কৰা হ'ব । এই প্ৰকল্পৰ মুঠ ব্যয় ২১৪ কোটি টকা । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দুটা বছৰত ৯ লাখ লোকক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিয়া হৈছে । প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানটো পঞ্চায়ত সমূহত ভাৰ্চুৱেলী উপভোগ কৰিব পাৰিব ।

আনহাতে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ১০ হাজাৰ লাখপতি বাইদেউ উপস্থিত থাকিব । আনহাতে অনুষ্ঠানত লাখপতি বাইদেউৰ জীৱন আধাৰিত বুকলেট উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে কয় যে ৬০ লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান উপভোগ কৰিব ।

আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা সকলক উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘৰে ঘৰে মিঠাইৰ টোপোলা প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক : ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ

Last Updated :Mar 8, 2024, 10:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.