ETV Bharat / state

প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতিৰ বুজ ল'বলৈ যোৰহাটত নেতা-মন্ত্ৰীৰ ভিৰ

যোৰহাটলৈ প্ৰধানমন্ত্ৰী আগমন, যোৰহাটত মুখ্যমন্ত্ৰীকে আদি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মন্ত্ৰীৰ ভিৰ । কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰধানমন্ত্ৰী আগমনে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰৱাৰত প্ৰতিষ্ঠিত কৰিব বুলি মত প্ৰকাশ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

Pijush Hazarika with Bhavesh Kalita in Jorhat
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ
author img

By ETV Bharat Assamese Team

Published : March 5, 2024 at 10:48 PM IST

2 Min Read
Choose ETV Bharat
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ

যোৰহাট,৫ মাৰ্চ: দুদিনীয়া ভ্ৰমণসূচীৰে ৮ আৰু ৯ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । যাক লৈ ব্যাপক তৎপৰতা বাঢ়িছে যোৰহাট জিলা প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী,মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকলৰ । মোদীj সভা সফল কৰিবj বাবে মঙলবাৰে যোৰহাটত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা ।

  • " class="align-text-top noRightClick twitterSection" data="">

মঙলবাৰে ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰীকাই তিতাবৰ আৰু যোৰহাটত বিজেপি কাৰ্যকতা সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ সভাৰ বিষয়ে আলোচনাত মিলিত হোৱাৰ লগতে কাৰ্যকতা সভাৰ প্ৰস্তুতি সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰে । আনহাতে মঙলবাৰে সন্ধিয়া যোৰহাটত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পোনে পোনে হোলোঙাপাৰস্থিত লাচিত মৈদামত থকা লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰা স্থান পৰিদৰ্শন কৰি প্ৰস্তুতি সম্পৰ্কে বুজ লয় ।

আনহাতে যোৰহাটৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপি কাৰ্যকতা সন্মিলনৰ এক সভাত অংশগ্ৰহণ কৰাৰ পিচত সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰীৰ আগমনৰ সকলো কথা বিৱৰি মত প্ৰকাশ কৰে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰীকাই । মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী, হাটী ছাফাৰী আৰু নৈশ যাপনে কাজিৰঙাক পৰ্যটন ক্ষেত্ৰত বিশ্ব দৰবাৰত অধিক হাৰত প্ৰতিষ্ঠিত কৰি তুলিব ।

বিভিন্ন সামাজিক মাধ্যমত সমগ্ৰ বিশ্বৰ অধিক অনুৰাগী আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । সেয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণে এক অন্য মাত্ৰা প্ৰদান কৰিব । আনহাতে যোৰহাট ৰাজাবাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান সভাত গৰু ছিণ্ডিকেটৰে জড়িত হৈ কাৰাবাস খটা এগৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰা সন্দৰ্ভত ৰাজ্যিক সভাপতি ভৱেশ কলিতাক সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত কয় যে এই সম্পৰ্কে তেওঁ অৱগত নহয়, যদি এই কথা সঁচা হয় তেন্তে তদন্ত কৰা হ'ব আৰু বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: সমগ্ৰ ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী মোদীৰ পৰিয়াল: হিমন্ত বিশ্ব শৰ্মা