ETV Bharat / state

প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 10:20 PM IST

Updated : Mar 6, 2024, 3:08 PM IST

PM Modi to visit Kaziranga : এটা বিশেষ ঘৰ ৷ ঘৰটো এই কাৰণেই বিশেষ কাৰণ এই ঘৰটোতে এটা নিশা কটাব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এই ঘৰটো আছে কাজিৰঙাত ৷ কেৱল ঘৰেই নহয়, সজাই তোলা হৈছে সমগ্ৰ কাজিৰঙাও ৷

কাজিৰঙাৰ ক’ত নৈশ যাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ?
কাজিৰঙাৰ ক’ত নৈশ যাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ?

প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

কাজিৰঙা, ৫ মাৰ্চ : কাজিৰঙাত এতিয়া উথপথপ পৰিৱেশ ৷ কি বিষয়া, কি কৰ্মচাৰী, কি বনকৰ্মী- সকলো ব্যস্ত ৷ একপ্ৰকাৰ প্ৰশাসন ব্যৱস্থাটোৱেই যেন উবুৰি খাই পৰিছে কাজিৰঙাত ! কাজিৰঙাৰ ৰাইজে বছৰ বছৰ ধৰি দেখা নোপোৱা পৰিৱৰ্তন দেখা পাইছে এইকেইদিনত ৷ কাৰণ প্ৰধানমন্ত্ৰী আহিব কাজিৰঙালৈ ৷

আনকি, বছৰ বছৰ ধৰি তথৈবচ হৈ থকা কাজিৰঙাৰ ৰাজপথ এতিয়া হৈ উঠিছে মসৃণ ৷ ঠিক ফু মাৰি ভাত খাব পৰা ৰূপ পাইছে কাজিৰঙাৰ ৰাজপথে ৷ পথৰ দাঁতিৰ গছবোৰো চূণ-তেলৰ পৰশ পাই উজলি উঠিছে ৷ কাৰণটো কি জানেনে ? ৮ মাৰ্চত কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন দখল কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে আহিব কাজিৰঙালৈ ৷ ৮ মাৰ্চত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত ভৰি দিবহি প্ৰধানমন্ত্ৰীয়ে ৷ ইতিমধ্যে অসম চৰকাৰো সাজু হৈছে প্ৰথমবাৰৰ বাবে কাজিৰঙালৈ আহিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ ৷

তথ্য অনুসৰি, ৮ মাৰ্চৰ নিশা কাজিৰঙাত কটাই ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ এই লৈ পূৰ্ণ প্ৰস্তুতি চলিছে কাজিৰঙাত ৷ ৰাজ্যৰ শীৰ্ষ আমোলা-বিষয়া কাজিৰঙাত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশ অধ্যয়ন কৰিছে ৷ তদুপৰি, কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাজিৰঙাত ৷

লগতে পঢ়ক : ৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আলহী হ’ব প্ৰধানমন্ত্ৰী মোদী

ৰাজপথৰ দুয়োকাষে এতিয়াৰে পৰাই আৰম্ভ হৈছে বাঁহ বন্ধা কাম ৷ নিৰাপত্তা ব্যৱস্থাত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি শীৰ্ষ বিষয়াসকলে বাহৰ পাতিছেহি কাজিৰঙাত ৷ আনকি, ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰীও কাজিৰঙাত উপস্থিত হৈছে ৷ সঘনাই ইখনৰ পাচত সিখনকৈ সভাত বহিছে বৰমূৰীয়াসকল ৷

প্ৰধানমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে অসম চৰকাৰে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ প্ৰথমবাৰৰ বাবে কাজিৰঙা ভ্ৰমণলৈ আহিবলৈ লোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অৱশ্যে পূৰ্বৰ বছৰৰ তুলনাত চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকৰ সংখ্যা হ্ৰাস পোৱাৰ পাচত পুনৰ পৰ্যটকৰ আগতীয়া বুকিং বাতিল কৰাবলৈ বাধ্য কৰাইছে প্ৰশাসনে ৷

বোকাখাতৰ উপ-জিলা প্ৰশাসনৰ তৰফৰ পৰা কাজিৰঙাৰ বেছিভাগ ৰিজ'ৰ্টৰ আগতীয়া বুকিং ইতিমধ্যে বাতিল কৰোৱা হৈছে ৷ কাৰণ- প্ৰধানমন্ত্ৰী আহিব ৷ বহু পৰ্যটকে কৰা পৰিকল্পনাত বাধা অহাত নিৰাশ মনেৰে বুকিং কৰা ধন উভতাই ল’বলৈ বাধ্য হৈছে ৷ ইপিনে আগতীয়া বুকিঙৰ ধন ওভতাই দিয়াৰ বাবে পৰ্যটন ব্যৱসায়ীসকলো অসুবিধাত পৰা পৰিলক্ষিত হৈছে ৷

ইতিপূৰ্বে দেশৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, পৰৱৰ্তী সময়ত বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে কাজিৰঙা ভ্ৰমণ কৰিছিল ৷ আনহাতে, দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতি যিখন আৰক্ষী অতিথিশালাত নিশা কটাইছিল সেইখনতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও থাকিব ৷

২০১৮-১৯ বৰ্ষত তদানীন্তন গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ৰ নেতৃত্বত এই আৰক্ষী অতিথিশালাখন নিৰ্মাণ কৰা হৈছিল ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণ, পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী

Last Updated : Mar 6, 2024, 3:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.