ETV Bharat / state

৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ

Arunachal Pradesh Sela Tunnel: সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে এই সুৰংগ । ই এছিয়াৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত নিৰ্মিত প্ৰথম দ্বি-লেনযুক্ত সুৰংগ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে মুকলি কৰিব বহু প্ৰত্যাশিত এই সুৰংগ ।

Arunachal Pradesh Sela Tunnel
৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 12:31 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ, ৭ মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে অসম আৰু অৰুণাচল প্ৰদেশলৈ আহিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো তেওঁ অসম আৰু অৰুণাচল প্ৰদেশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰিব । জানিব পৰা মতে প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে বিয়লি ৪ বজাত বায়ুসেনাৰ বিশেষ বিমানেৰে তেজপুৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হ'ব । যাৰ বাবে তেজপুৰত নিছিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী তথা বিষয়াসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে বায়ুসেনা আৰু সেনা বাহিনীৰ তৰফৰ পৰাও আদৰণি জনোৱা হ'ব । ইয়াৰ পিচতে তেওঁ তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বায়ুসেনাৰ হেলিকপ্টাৰযোগে ৰাওনা হ'ব আৰু নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে থাকিব ।

Arunachal Pradesh Sela Tunnel
৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ

শনিবাৰে পুৱা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিচত প্রধানমন্ত্ৰী মোদীয়ে অৰুণাচল প্ৰদেশলৈ বায়ুসেনাৰ হেলিকপ্টাৰৰ জৰিয়তে উৰা মাৰিব । প্ৰধানমন্ত্ৰীয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী চেলা পাছৰ সুৰংগ মুকলি কৰিব । উত্তৰ পূৰ্বাঞ্চলৰ ভাৰত-চীন, ভাৰত-তিব্বত সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ সংলগ্ন হোৱাকৈ ১৩,০০০ ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ।

অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলি হ'লে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো ই অন্তৰ্ভুক্ত হ'ব । কাৰণ এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই । সীমান্ত পথ সংস্থাৰ বিশেষ প্ৰকল্পৰ অধীনত এই সুৰংগ ৯ মাৰ্চত দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব । বিগত সময়ছোৱাত প্ৰতিকূল বতৰ আৰু অত্যন্ত প্ৰত্যাহ্বানমূলক ভূখণ্ডৰ মাজত পথৰ সংলগ্নৰ সময়ত ব্লেক টেপিং কৰাত কিছু পৰিমাণে বাধাৰ সৃষ্টি হৈছিল যদিও সেই কাম সম্পূৰ্ণ হৈ উঠিছে ।

Arunachal Pradesh Sela Tunnel
৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ চেলা সুৰংগ

বৰ্তমান প্ৰচণ্ড তুষাৰপাতৰ মাজতে বহু প্ৰত্যাহ্বান নেওচি পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ আন সকলো জটিল পথত অৰুণাচল প্ৰদেশত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বিআৰঅ'ৰ প্ৰচেষ্টা আৰু অগ্ৰগতিৰ ওপৰত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ হৈছে এই চেলা সুৰংগ । কঠোৰ পৰিশ্ৰমৰ মাজত এই সুৰংগৰ নিৰ্মাণকাৰ্য চলিছিল । সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে ই প্ৰথম দ্বি-লেনযুক্ত পথ সুৰংগ হিচাপে পৰিগণিত হৈছে ।

প্ৰকল্পটোত ৪৭৫ মিটাৰ আৰু ১,৭৯০ মিটাৰ দৈৰ্ঘৰ দুটা সুৰংগ থাকিব যিয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ প্ৰায় ৯.২২০ কিলোমিটাৰ যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব । প্ৰকল্পটোত দুটা সুৰংগৰ লগতে ৯৮০ মিটাৰ এস্কেপ টিউব ব্যৱহাৰ কৰা হৈছে ।

সুৰংগৰ ভিতৰত আছে অত্যাধুনিক প্ৰযুক্তিৰ লাইট, চিচিটিভি কেমেৰা আৰু কেইবাটাও প্ৰস্থান দুৱাৰ । প্ৰস্থান দুৱাৰসমূহৰ তদাৰক কৰিব সীমান্ত পথ সংস্থাৰ দায়িত্বত থকা বিষয়াই আৰু যিকোনো সময়তে ঘটিব পৰা অবাঞ্চিত ঘটনাৰ বাবে থাকিব চোকা দৃষ্টি । উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটানগৰ ভ্ৰমণৰ সময়ত বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰত যোগাযোগ অব্যাহত ৰখাৰ উদ্দেশ্যে ২০১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল ।

লগত পঢ়ক :প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?