টীয়কত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 9:40 PM IST

thumbnail

টীয়ক, 5 মাৰ্চ: 9 মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে টীয়কত উদ্বোধন কৰিব লাচিত বৰফুকনৰ মূৰ্তি ৷  টীয়কৰ লাহদৈগড়স্থিত ঐতিহাসিক লাচিত বৰফুকনৰ মৈদাম প্ৰাংগণত প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব মূৰ্তিটো ৷

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ ল’বলৈ উপস্থিত হয় লাচিত বৰফুকনৰ মৈদাম প্ৰাংগনত ৷

প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ নিৰাপত্তাকে ধৰি অনান্য বিষয় সন্দৰ্ভত বিষয়াসকলক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী যোগেন মহন, জয়ন্ত মল্লবৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ ৰাজ্যিক, জিলা সমিতিৰ বিষয়ববীয়াসকলে ৷

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিবলগীয়া লাচিত বৰফুকনৰ মূৰ্তিটো  Statue of valour নামেৰে নামাকৰণ কৰা হৈছে ৷ উল্লেখ্য যে 8 মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশা কটাব কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ছাফাৰি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা দৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যানখনক বিশ্ববাসীৰ মাজলৈ অধিক লৈ যাব বুলি আশাবাদী বিভিন্নজনৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী: যোৰহাট-অৰুণাচলৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.