অসম

assam

Vishwakarma Puja 2023 :মৰিগাঁৱত বিশ্বকৰ্মা পূজা সম্পন্ন

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 5:57 PM IST

মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত বিশ্বকৰ্মা পূজা

মৰিগাঁও, ১৮ ছেপ্টেম্বৰ:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলতো সোমবাৰে উদযাপন কৰা হয় বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা । উল্লেখ্য যে জিলাখনৰ মৰিগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী ,লোক নিৰ্মাণ পথ,গৃহ, জলসম্পদ বিভাগৰ লগতে মৰিগাঁও পৌৰসভা, গ্ৰীণ ভেলী এণ্ড পৰ্যটন চালক সন্থা, দৈনিক বজাৰৰ মৎস্য ব্যৱসায়ীৰ উদ্যোগত পূজাৰ আয়োজন কৰা হয় ।

মৰিগাঁও দৈনিক মাছ বজাৰত অনুষ্ঠিত শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উদ্ধোধন কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে । এই অনুষ্ঠানত উপস্থিত থাকি মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা, মৰিগাঁও জিলা লেণ্ড এডভাইচৰী বোৰ্ডৰ সদস্য বিষ্ণু ভাগৱতী, জিলা মিডিয়া ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Vishwakarma Puja 2023 : সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীতো পালন কৰা হৈছে বিশ্বকৰ্মা পূজা

ABOUT THE AUTHOR

...view details