অসম

assam

Heroin worth 3 crore seized: 3 কোটি টকাৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰী আটক

By

Published : Aug 8, 2023, 5:30 PM IST

3 কোটি টকাৰ হেৰ’ইনসহ দুটা সৰবৰাহকাৰী আটক

ডিফু, 8 আগষ্ট : অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ মঙলবাৰে বিয়লি খটখটীত আৰক্ষীৰ অভিযানত বোকাজান মহকুমাৰ খটখটীত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন ৷ লগতে দুটা সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় ৷ 

প্ৰাপ্ত খবৰ অনুসৰি, এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু বোকাজান, খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীদ্বয় মনজিত তেৰাং আৰু ৰমেন বৰদলৈৰ লগতে আৰক্ষী আৰু চি 20 চি আৰপিএফৰ সহযোগত খটখটীৰ জনকপুখুৰী এলেকাত তালাচী চলাই অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ হেৰ’ইনখিনি ৷ এন এল 07 চিচি 0630 নম্বৰৰ জিপচীখনৰ পৰা আৰক্ষীৰ দলটোৱে হেৰ’ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ 45 টা চাবোনৰ বাকচত লুকুৱাই আনিছিল 566 গ্ৰাম হেৰ'ইন ৷

জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ লগতে আৰক্ষীয়ে মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাৰ চিভিচ' জন থ্ৰ'(৩০) আৰু ৰাপু এলিয়া(২৪) ক আটক কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Teenage girl torture in Tinsukia : বনকৰা কিশোৰীৰ গাত গৰম পানী ঢালি আটক আটছা নেতা

ABOUT THE AUTHOR

...view details