অসম

assam

Cattle smuggling in Bongaigaon: ভূটীয়া গৰুসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By

Published : Mar 18, 2023, 10:01 PM IST

ভূটীয়া গৰুসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বঙাইগাওঁ, 18 মাৰ্চ: ৰাজ্যত আৰক্ষীৰ কঠোৰ অভিযানৰ পিচতো একাংশ লোকে অব্যাহত ৰাখিছে গৰুৰ চোৰাং বেহা (Cattle smuggling in Bongaigaon) ৷ শুকুৰবাৰে নিশা বঙাইগাঁও জিলাৰ  ৪ নং বাশবাৰীত ভূটীয়া গৰুসহ এজন লোকক আটক কৰা হৈছিল ৷ চৰকাৰে গো-সুৰক্ষা বাবে আইন বলৱৎ কৰাৰ উপৰিও গৰুৰ চোৰাং সৰবৰাহ বন্ধ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰা স্বত্বেও বন্ধ হোৱা নাই গৰুৰ চোৰাং সৰবৰাহ (Two cattle seized)। ভূটানৰ পৰা বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ মাজেদি গৰু চোৰাংভাৱে বৰপেটা জিলাৰ লাংলা, বাঘবৰ হৈ ব্ৰহ্মপুত্ৰ নদীৰে দিনে নিশাই বাংলাদেশলৈ চালান কৰা হয় । 

স্থানীয় লোকৰ খবৰৰ ভিত্তিত মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ নিৰ্দেশত ছালাবিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এটা আৰক্ষীৰ দলে চলোৱা এই অভিযানটোত বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বাশবাৰীৰ পৰা দুটা গৰুসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় (One smuggler arrested) । আটকাধীন সৰবৰাহকাৰীটোক চাবেদ আলী বুলি চিনাক্ত কৰিছে ৷ 

আৰক্ষীৰ দলটোৱে জব্দকৃত গৰু দুটাৰ লগতে আটকাধীন সৰবৰাহকাৰীটোক মানিকপুৰ আৰক্ষী থানালৈ লৈ আহে ৷ ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে মাৰাথান জেৰা চলোৱাৰ পিচতে সম্প্ৰতি চাবেদ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷ 

লগতে পঢ়ক:Money recovered in Barpeta: হাউলীত চুৰি হোৱা 26 লাখ টকা উদ্ধাৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details