অসম

assam

Tamulpur Road accident : তামুলপুৰত পথ দুৰ্ঘটনাত মৃত্যু বৃদ্ধৰ

By

Published : Oct 16, 2022, 5:27 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

তামুলপুৰৰ চেঁচাপানীত শোকাৱহ পথ দুৰ্ঘটনা (Tragic accident in Tamulpur)। দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত এগৰাকী বৃদ্ধ । নিহত লোকজন ফুলজেন ধানোৱাৰ বুলি চিনাক্ত হৈছে (Man died in an accident at Tamulpur)। ডুমনি চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা হাতিডুবা অভিমুখে চাইকেলেৰে আহি থকা অৱস্থাত এখন ব'লেৰো বাহনে পিছফালৰ পৰা খুন্দিয়াই থৈ যায় লোকজনক । দুৰ্ঘটনাত পথৰ কাষত চাইকেলসহ চিটিকি পৰে বৃদ্ধ লোকজন । ঘটনাস্থলীত কুমাৰীকাটা আৰক্ষী উপস্থিত হৈ মৃতদেহটো কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখন বিচাৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।
Last Updated :Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details