অসম

assam

Lat mandal arrested: জেপত সুমুৱাবলৈ নাপালে নয়নমণিয়ে লক্ষ্মীক

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 7:48 AM IST

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত

নলবাৰী, 2 নৱেম্বৰ:উৎকোচ লোৱাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী কৰ্মচাৰীয়ে ৰঙা ঘৰৰ আলহী হোৱাৰ সময়তে বুধবাৰে নলবাৰীত এজন লাট মণ্ডল আটক হয় । দুৰ্নীতি নিবাৰক শাখাই লাট মণ্ডলজনৰ বাসগৃহত অভিযান চলাই আটক কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ লাট মণ্ডল নয়নমণি ডেকাক ।

মাটি নামজাৰি কৰাৰ নামত উৎকোচ লোৱাৰ অভিযোগত আটক কৰা হয় লাট মণ্ডলজনক । বুধবাৰৰ পুৱাই লাট মণ্ডল নয়নমণি ডেকাই দৰঙীপাৰাৰ নিজ বাসগৃহত মাটিৰ নামজাৰিৰ নামত এজন লোকৰ পৰা উৎকোচ হিচাপে নগদ ধন লোৱাৰ পিচতে দুৰ্নীতি নিবাৰক শাখাৰ দল এটাই লাট মণ্ডলজনৰ বাসগৃহত প্ৰৱেশ কৰি অভিযান চলায় । কেইবা ঘন্টা ধৰি অভিযান চলাই লাট মণ্ডলজনক উৎকোচ লোৱাৰ অভিযোগত সন্ধিয়া আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ।

লগতে পঢ়ক :Goalpara ASI Arrested: গোৱালপাৰাত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক

ABOUT THE AUTHOR

...view details