অসম

assam

Kati Bihu in Hojai : হোজাইতো ৰক্ষা হ’ল কাতি বিহুৰ পৰম্পৰা, প্ৰতিখন ঘৰৰ চোতালৰ তুলসীৰ তলত জ্বলিল বন্তি

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 8:10 PM IST

হোজাইত কাতি বিহু

হোজাই, 18 অক্টোবৰ : তুলসীৰ তলে তলে মৃগপহু চৰে ,তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে । আজি কাতি বিহু । বিশেষকৈ আহিন আৰু কাতিৰ দোমাহীত উদযাপন কৰা কাতি বিহু মূলতঃ শালিধানৰ পোক নিয়ন্ত্ৰণ আৰু অধিক উৎপাদন লাভৰ উদ্দেশ্যৰ ওপৰত প্ৰতিষ্ঠিত । ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ প্ৰতিগৰাকী অসমীয়াই পৰম্পৰা ৰক্ষা কৰি পুৱাৰে পৰাই কাতি বিহু উদযাপনৰ প্ৰস্তুতি চলোৱা দেখা গ’ল ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে হোজাইৰ গাঁওসমূহতো একেই পৰিৱেশে বিৰাজ কৰিল ৷ ঘৰৰ চোতালত গৃহিনীসকলে তুলসীৰ পুলি ৰোপণ কৰি সন্ধিয়াৰ ভাগলৈ তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালকৈ ধাননি পথাৰত পোক পতংগৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰতিটো কৃষিজীৱি পৰিয়ালে বন্তি প্ৰজ্বলন কৰি ভৰাঁললৈ অধিক লখিমী অহাৰ মানসেৰে গৃহস্থই সেৱা আগবঢ়ালে । লোকাচাৰ অনুসৰি বৃক্ষশ্ৰেষ্ঠ তুলসী ৰুলে ভগৱান সন্তুষ্ট হয় বুলি তুলসীৰ তলত চাকি দি নাম-কীৰ্তন কৰি, মাহ-প্ৰসাদ খায় আৰু এই লোকাচাৰ পালন কৰিলে যমদূতে অতিষ্ঠ কৰিব নোৱাৰে বুলিও অসমীয়া সমাজক লোক-বিশ্বাস আছে ।

লগতে পঢ়ক:Kati Bihu 2023 : নগাঁৱৰ তেলীয়া পহুকটাত উৎসৱমুখৰ পৰিৱেশত উদযাপন কাতি বিহু

ABOUT THE AUTHOR

...view details