Kati Bihu 2023 : নগাঁৱৰ তেলীয়া পহুকটাত উৎসৱমুখৰ পৰিৱেশত উদযাপন কাতি বিহু

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 7:26 PM IST

thumbnail

নগাঁও, 18 অক্টোবৰ : আজি কাতি বিহু ৷ ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ ৷ কাতি বিহু উপলক্ষে ৰাজ্যৰ কৃষিজীৱি ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ৷ শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে পথাৰৰ লগতে তুলসীৰ তলত পৰম্পৰাগতভাৱে বন্তি প্ৰজ্বলন কৰিছে কৃষিজীৱি ৰাইজে ৷

নগাঁৱৰ তেলিয়া পহুকটাতো কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি পথাৰত বন্তি প্ৰজ্বলন কৰিছে ৰাইজে ৷ কাতি বিহু উপলক্ষে সহস্ৰাধিক বন্তি প্ৰজ্বলন kjs গাওঁবাসীয়ে ৷  

পথাৰত জ্বলোৱা বন্তিয়ে কীট-পতংগ নাশ কৰাৰ লগতে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিছে গাঁওবাসীয়ে ৷ বিগত প্ৰায় দহ বছৰ ধৰি তেলিয়া পহুকটাৰ ৰাইজে সমূহীয়াকৈ পালন কৰি আহিছে এই পৰম্পৰা ৷ কাতি বিহু উপলক্ষে তেলিয়া পহুকটাত উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Kati Bihu 2023: সেউজ পথাৰৰ শ্ৰীবৃদ্ধিৰ বাবে বন্তি জ্বলাবলৈ ওলাই আহিল টিংখাঙৰ 2 নং ন-ভকতীয়া গাঁৱৰ ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.