Kati Bihu 2023: সেউজ পথাৰৰ শ্ৰীবৃদ্ধিৰ বাবে বন্তি জ্বলাবলৈ ওলাই আহিল টিংখাঙৰ 2 নং ন-ভকতীয়া গাঁৱৰ ৰাইজ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:09 PM IST

thumbnail

ডিব্ৰুগড়, 18 অক্টোবৰ: আজি কাতি বিহু ৷ চৌদিশে এক উখল-মাখল পৰিৱেশ ৷ টিংখাঙৰ 2 নং ন-ভকতীয়া গাঁৱতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে কৃষিজীৱি ৰাইজৰ মাজত । হাতত বাঁহৰ খুঁটি, কলগছৰ থোৰা লৈ পথাৰ চাবলৈ গ’ল গাঁৱৰ জীয়াৰী-বোৱাৰীসকল ৷ পৰম্পৰা অনুসৰি ধাননিডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰি পথাৰত চাকি জ্বলাবলৈ ওলাই আহিল গাঁওবাসী ৷ 

এইবাৰ খেতি ভাল হোৱাৰ লগতে পোক-পৰুৱাৰ আক্ৰমণ কম হোৱাৰ বাবে ধান ভাল হৈছে আৰু খেতিয়সকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰিছে ৰাইজে । উল্লেখযোগ্য যে কাতি বিহুক কঙালী বুলি ক'লেও এই কাতি বিহু অসমীয়া সমাজ জীৱনত যুগ যুগ ধৰি পালিত হৈ আহিছে । কৃষি আৰু চহা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত কাতি বিহুত সেউজ ধাননি পথাৰত আকাশ বন্তি জ্বলাই ধাননিডৰাৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে তুলসীৰ তলত বন্তি জ্বলাই সকলোৱে মংগল কামনা কৰে । 

লগতে পঢ়ক:Accident in Railway yard: ট্ৰাকৰ চেপাত কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.