Accident in Railway yard: ট্ৰাকৰ চেপাত কৰ্তব্যৰত শ্ৰমিকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:50 PM IST

thumbnail

মৰাণ, 17 অক্টোবৰ : ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’লৱে ষ্টেচনত শোকাৱহ অঘটন । ট্ৰাকৰ চেপাত মৃত্যু হয় এজন কৰ্মৰত অৱস্থাত থকা শ্ৰমিকৰ। মৃত শ্ৰমিকজনৰ নাম মহেন্দ্ৰ চাহানী ৷ শ্ৰমিকজনৰ ঘৰ ডিব্ৰুগড়ৰ চান্দমাৰিত বুলি জানিব পৰা গৈছে। 

ঘটনা অনুসৰি মঙলবাৰে, পুৱাৰ ভাগত ৰে'লৰ ডবাৰ পৰা শ্ৰমিকজনে সামগ্ৰী আনলোড কৰি থকা সময়ত AS25 A-3084 নম্বৰৰ এখন মালবাহী ট্ৰাকখনে পিচফালৰ পৰা শ্ৰমিকজনক খুন্দা মৰাত শ্ৰমিকজনৰ ঘটনাস্থলীতে মৃত্যু হয়। শ্ৰমিকজনৰ আকস্মিক মৃত্যুৰ পিচতেই ঘটনাস্থলীত শ্ৰমিকসকলে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। 

অৱশ্যে ঘটনাস্থলীত ৰে’লৱে আৰক্ষী বাহিনী আৰু ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰা ট্ৰাক চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

এই সমগ্ৰ ঘটনাক ডিব্ৰুগড় হিন্দু ক্ৰান্তি দলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে মৃত শ্ৰমিকজনৰ পৰিয়ালবৰ্গলৈ 50 লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে। আৰক্ষীয়ে শ্ৰমিকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.