অসম

assam

G20 summit 2023 : গুৱাহাটীক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস চৰকাৰৰ

By

Published : Jan 31, 2023, 4:48 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, ৩১ জানুৱাৰী : এইবাৰ ভাৰতে জি-২০ সন্মিলনৰ সভাপতিত্ব কৰিছে (G20 summit 2023)। দেশৰ কেইবাখনো ৰাজ্যত এই সন্মিলনৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব । অসমৰ ৰাজধানী চহৰ গুৱাহাটী তাৰ ভিতৰত অন্যতম । ইতিমধ্যে গুৱাহাটী মহানগৰীত জি-২০ক লৈ ব্যাপক তৎপৰতা চলিছে । ন কইনাৰ ৰূপত জিলিকি উঠিছে ৰাজধানী চহৰ গুৱাহাটী । দিনে নিশাই শ-শ শ্রমিক কামত ব্যস্ত হৈ পৰিছে ।

ক'ৰবাত যদি ফুলৰ বাগিচা ক'ৰবাত আকৌ G-20 ত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধি ৰাষ্ট্ৰসমূহৰ পতাকা সংস্থাপন কৰা পৰিলক্ষিত হৈছে (G20 summit in Guwahati)। তদুপৰি মহানগৰীৰ বিভিন্ন স্থানত তোৰণ লগোৱাৰ সমান্তৰালভাৱে ৰাজপথৰ কাষৰ দেৱালসমূহত ৰং সানি জিলিকাই তোলা হৈছে । আকৌ কোনো কোনো স্থানত দেৱালবোৰ অংকন কৰা হৈছে । দেৱালবোৰত অসমৰ কৃষ্টি সংস্কৃতিৰ আভাস দিব বিচৰা হৈছে । মহানগৰীৰ ভিন্ন স্থানৰ মূল পথসমূহ চাফ-চিকুণ কৰি তোলাৰ সমান্তৰালকৈ মূল পথৰ ডিভাইডাৰসমূহত ৰং দি জিলিকাই তোলা হৈছে ।

পথৰ দাঁতিত যাতে কোনোধৰণৰ আৱৰ্জনা জমা হৈ নাথাকে, সেই ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে । প্ৰতিটো মূল পথ পোহৰাই তোলাৰ লক্ষ্যৰে ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা হৈছে ৷ অৰ্ধনির্মিত অট্টালিকাবোৰ বিভিন্ন ধৰণে ঢাকি ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ মুঠৰ ওপৰত G-20ক লৈ মহানগৰখন জিলিকাই তোলাৰ ক্ষেত্ৰত কোনো কৃপণালি কৰিব বিচৰা নাই বিভাগীয় কৰ্তৃপক্ষই (Guwahati has been decked up for G20 meeting)।

গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা খানাপাৰালৈ পথৰ ডিভাইডাৰসমূহ ৰং কৰি ইতিমধ্যে শ্রমিকসকলে সুন্দৰ ৰূপত উজলাই তোলা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে অহা ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব জি-২০ ৰাষ্ট্ৰীয় সন্মিলন । এই সন্মিলনৰ ৪ খন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব (G20 summit in Dibrugarh)। গুৱাহাটীত অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত প্ৰথমখন ৮ ফেব্ৰুৱাৰীত দ্বিতীয়খন ; ১৩, ১৪ আৰু ১৫ মাৰ্চত তৃতীয়খন ; ২৪ আৰু ২৫ মাৰ্চত ডিব্ৰুগড়ত চতুর্থখন আৰু ৩, ৪ আৰু ৫ এপ্ৰিলত সন্মিলনৰ পঞ্চমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হ'ব ।

ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগমে মহানগৰীক নতুন ৰূপত সজাই-পৰাই তোলাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । তেনে ক্ষেত্ৰত গুৱাহাটী মহানগৰীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ স্বাৰ্থত পৌৰ নিগম কর্তৃপক্ষই বিভিন্ন কাম আৰম্ভ কৰিছে । মূল পথৰ ভাগি যোৱা অংশসমূহো নতুনকৈ মেৰামতি কৰি থকা হৈছে ।

লগতে পঢ়ক :Assam Sahitya Sabha: হাজাৰ হাজাৰ সাহিত্য অনুৰাগীৰ আগমন নাৰায়ণপুৰৰ মনিকাঞ্চন ক্ষেত্ৰলৈ

Last Updated :Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details