অসম

assam

Debabrat Saikia slams BJP: প্ৰধানমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰীসকলক প্ৰদান কৰিছে দুৰ্নীতিৰ অনুজ্ঞাপত্ৰ

By

Published : Apr 17, 2023, 9:37 AM IST

কৰিমগঞ্জত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

কৰিমগঞ্জ, 17 এপ্ৰিল :ৰমজান মাহ উপলক্ষে দেওবাৰে কৰিমগঞ্জত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ উদ্যোগত আয়োজন কৰা হয় ইফতাৰ পাৰ্টিৰ ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইফতাৰ পাৰ্টিত যোগদান কৰি মোডী-হিমন্ত চৰকাৰক কঠোৰ ভাষাৰে আক্ৰমণ কৰে বিৰোধী দলপতিগৰাকীয়ে  ।তদুপৰি, পুলৱামা প্ৰসংগতো বক্তব্য আগবঢ়ায় বিৰোধী দলপতিগৰাকীয়ে  (Debabrat Saikia on Pulwama attack) ।

ইয়াৰোপৰি, সম্প্ৰতি দেশৰ সমগ্ৰ ৰাজনৈতিক ক্ষেত্ৰখনত জোকাৰণিৰ সৃষ্টি কৰা পুলৱামাৰ ঘটনাটো নিৰ্বাচনকেন্দ্ৰিকহে আছিল বুলি প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ কোৱা কথাখিনিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় ৰাজ্যৰ বিৰোধী দলপতিগৰাকীয়ে ৷ অনাগত দিনত হিন্দু-মুছলমান ইছ্যুৱে বিজেপি দলক নিৰ্বাচনী বৈতৰণী পাৰ কৰিব নোৱাৰি বুলি দলটো অৱগত হৈ শাসকীয় দলে এতিয়া ইডি-চিবিআই খেল আৰম্ভ কৰিছে বুলি সমালোচনাৰে থকা-সৰকা কৰিলে (Debabrat Saikia slams PM Modi)।

ইয়াৰ লগতে  'না খাওংগা না কিচিকো খানে ডুংগা' বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শাসনৰ গাদী দখল কৰিছিল যদিও প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কেবিনেট মন্ত্ৰীসকলক দুৰ্নীতিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে (Debabrat Saikia on Rahul Gandhi) ।

লগতে পঢ়ক :TMC MLA arrested: দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল টিএমচিৰ বিধায়ক জীৱন কৃষ্ণ সাহা

ABOUT THE AUTHOR

...view details