অসম

assam

Azadi Ka Amrit Mahotsav : জোনাইত আয়োজিত ঘৰে ঘৰে ত্ৰিৰংগ সজাগতা শোভাযাত্ৰা

By

Published : Aug 11, 2022, 10:32 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)। এই উপলক্ষে ঘৰে ঘৰে ত্ৰিৰংগ (Har Ghar Tiranga Abhiyan) সজাগতাৰ বাবে বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰা হৈছে সভা-সমিতি আৰু আন আন কাৰ্যপন্থা । স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰ্যসূচী সফল কৰাৰ লক্ষ্যত ঘৰে ঘৰে ত্ৰিৰংগ পতাকাৰ লগত সংগতি ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে জোনাই মহকুমাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে । মূৰ্কংচেলেক বালিকা হাইস্কুল, অসম গ্ৰামীণ জীৱিকা অভিযান, মূৰ্কংচেলেক খণ্ড, চিমেন চাপৰি গাঁও পঞ্চায়ত, বৰগাঁও প্ৰাৰ্থমিক বিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান, কাৰ্যালয়ৰ উদ্যোগত উলিওৱা হয় স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই সজাগতা ৰেলী ৷
Last Updated :Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details